নলবাৰী,৩০ নৱেম্বৰঃ সম্প্ৰতি সংক্ষিপ্ত ভোটাৰ তালিকাত নিজৰ নাম পঞ্জীয়ন কৰিবলৈ ১০+২ শিক্ষাৰ্থীক সুবিধা প্ৰদান কৰা হৈছে।আজি নলবাৰী জিলা উপায়ুক্ত কাৰ্যালয়ৰ সভকক্ষত জিলা উপায়ুক্ত গীতিমণি ফুকনৰ সঞ্চালনাত এখন সংবাদ মেল অনুষ্ঠিত হয়।ভাৰতৰ নিৰ্বাচন আয়োগৰ নিৰ্দেশ মতে ১৮ বছৰ হবলগীয়া শিক্ষাৰ্থী সকলেও নিজৰ নাম ভোটাৰ তালিকাত সন্নিবিষ্ট কৰিব পাৰিব বুলি উপায়ুক্তই জানিব দিয়ে।
এই সম্পৰ্কত নতুন শিক্ষাৰ্থী ভোটাৰক সজাগতা অনাৰ বাবে অহা ১,২ আৰু ৩ ডিচেম্বৰত কেবাখনো শিক্ষানুষ্ঠান ত সজাগতা শিবিৰ অনুস্থিত হব।এই শিক্ষানুষ্ঠান সমূহ হ’ল-নলবাৰী কলেজ,নলবাৰী বাণিজ্য মহাবিদ্যালয়,এম এন চি বালিকা মহাবিদ্যালয়,উত্তৰ কামপীঠ মহাবিদ্যালয়,শ্বহীদ স্মৃতি মহাবিদ্যালয়,কামৰূপ কলেজ,ডায়েট নলবাৰী আৰু বৰভাগ কলেজ।আজিৰ সংবাদ মেলত নিৰ্বাচন বিষয়া শৰ্মিষ্ঠা নেওগ আৰু ভাৰপ্ৰাপ্ত তথ্য আৰু জনসংযোগ বিষয়া বিভা কাঞ্চন গগৈ উপস্থিত আছিল।
Comments