দুলীয়াজান, ৩০ নৱেম্বৰঃ দেশৰ ৰাজহুৱা খণ্ডৰ দ্বিতীয় বৃহৎ তৈল উদ্যোগ প্ৰতিষ্ঠান অইল ইণ্ডিয়া লিমিটেডৰ আৱাসিক মুখ্য বিষয়া প্ৰশান্ত বৰকাকতিলৈ আগবঢ়োৱা হৈছে অমল কুমাৰ হৰ’ সামাজিক দায়ৱদ্ধতা বঁটা । উল্লেখযোগ্য যে বৃহত্তৰ দুলীয়াজানৰ সংবাদ-কৰ্মীসকলৰ উমৈহতীয়া সংগঠন সন্মিলিত সাংবাদিক মঞ্চ¸ দুলীয়াজানে প্ৰতিবছৰৰ দৰে এই বছৰো সাংবাদিকতা বঁটাৰ লগতে আন কেইবাটাও শিতানত প্ৰদান কৰি অহা বঁটাৰ প্ৰাপক আৰু বিশেষভাৱে সম্বৰ্ধিত ব্যক্তিসকলৰ নাম কালি ঘোষণা কৰে ।
এই উপলক্ষে কালি দুলীয়াজান মিডিয়া চেণ্টাৰত সন্মিলিত সাংবাদিক মঞ্চৰ সভাপতি জয়ন্ত ভূঞাৰ পৌৰহিত্যত অনুষ্ঠিত কাৰ্যনিৰ্বাহক সভাত বুদ্ধেশ্বৰ গগৈ সোঁৱৰণী সাংবাদিকতা বঁটাৰ বাবে ডিব্ৰুগড়ৰ জ্যেষ্ঠ সাংবাদিক ৰাজীৱ বৰগোহাঁই¸ প্ৰদীপ গগৈ সোঁৱৰণী যুৱ সাংবাদিকতা বঁটাৰ বাবে চাবুৱাৰ উদীয়মান সংবাদ-কৰ্মী বিশ্বজিৎ ফুকনৰ নাম ঘোষণা কৰা হয় ।
ইয়াৰ উপৰিও চিকিৎসাৰ ক্ষেত্ৰত বিশেষভাৱে সেৱা আগবঢ়াই অহা অইল ইণ্ডিয়া লিমিটেডৰ স্ত্ৰী আৰু প্ৰসূতি ৰোগৰ বিশেষজ্ঞ চিকিৎসক ডাঃ নিৰোজ কুমাৰ দাস¸ সাংবাদিকতাৰ ক্ষেত্ৰত দুলীয়াজানৰ জ্যেষ্ঠ সাংবাদিক ব্ৰজেন গগৈ¸ শিক্ষাৰ ক্ষেত্ৰত ঊষাপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত শিক্ষক অজিত বড়া¸ সাংস্কৃতিক ক্ষেত্ৰত নামৰূপৰ বিশিষ্ট সাংস্কৃতিক কৰ্মী দীনেশ সোণোৱাল¸ কৃতী শিক্ষাৰ্থীৰ শিতানত সাংবাদিক দিগন্ত শইকীয়াৰ পুত্ৰ পৰিক্ষিত শইকীয়া¸ শিশু প্ৰতিভাৰ ক্ষেত্ৰত আয়ুস্মান শইকীয়াক বিশেষভাৱে সম্বৰ্ধনা জনোৱা হ’ব ।
অহা ২৪ ডিচেম্বৰত দুলীয়াজান মিডিয়া চেণ্টাৰত অনুষ্ঠিত হ’বলগীয়া এক বৰ্ণাধ্য অনুষ্ঠাত এই বঁটাসমূহ প্ৰদান কৰা হ’ব বুলি সন্মিলিত সাংবাদিক মঞ্চৰ সাধাৰণ সম্পাদক প্ৰাঞ্জল শইকীয়াই এক বিবৃতিযোগে জানিবলৈ দিছে ।
Comments