Cartoon
View Older
গুৱাহাটী, ৩০ নৱেম্বৰঃ পাকিস্তানৰ বেলুচিস্তান প্ৰদেশ, কোৱেটাত সংঘটিত হোৱা আত্মঘাতী বোমাৰুৰ বিস্ফোৰণত ৩ জন নিহত, ২৩ জন আৰক্ষীসহ ২৭ জন লোক আহত হোৱাৰ খবৰ পোৱা গৈছে।
কোৱেটাৰ উপ মহাপৰিদৰ্শক গোলাম আজফাৰ মহেছাৰে উক্ত ঘটনা সন্দৰ্ভত কৈছে যে, "বিস্ফোৰণটো এটা আত্মঘাতী বোমাৰুৰ আক্ৰমণ আছিল কিয়নো আমি অপৰাধস্থলীৰ ওচৰত এজন আত্মঘাতি বোমাৰুৰ অৱশিষ্ট বিচাৰি পাইছো। এই বিস্ফোৰণৰ ফলত আৰক্ষীৰ ট্ৰাক এখন বাগৰি এটা খাৱৈত পৰি যায়।"
Comments