গুৱাহাটী,৩০ নৱেম্বৰ:বুধবাৰে গুৱাহাটীৰ খানাপাৰা খেলপথাৰত অনুষ্ঠিত হয় মেধাৱী ছাত্ৰ-ছাত্ৰীসকলক প্ৰশংসা পত্ৰ প্ৰদান অনুষ্ঠান । ড৹ বাণীকান্ত কাকতি মেধা বঁটা প্ৰদান কৰিলে শিক্ষা বিভাগে । খানাপাৰত প্ৰজ্ঞান ভাৰতী আচঁনিৰ অধীনত ২০২২ বৰ্ষৰ উচ্চতৰ মাধ্যমিক পৰীক্ষাত ৭৫ শতাংশ বা ততোধিক নম্বৰ পোৱা ছাত্ৰ আৰু প্ৰথম বিভাগত উত্তীৰ্ণ ছাত্ৰীসকললৈ বঁটা হিচাপে স্কুটী বিতৰণ কৰা অনুষ্ঠান বুধবাৰে অনুষ্ঠিত হয় ।
কিন্তু মেধাৱী ছাত্ৰ-ছাত্ৰীক ড৹ বাণীকান্ত কাকতি মেধা বঁটা প্ৰদান কৰাৰ নামত হাৰাশাস্তি কৰাৰ অভিযোগ উত্থাপন কৰিছে স্থানীয় ৰাইজে । হাজাৰ হাজাৰ ছাত্ৰ-ছাত্ৰীক বিমুখ কৰিলে শিক্ষা বিভাগে । খানাপাৰা খেলপথাৰৰ কেন্দ্ৰীয় অনুষ্ঠানত প্ৰশংসা পত্ৰ পোৱাৰ পৰা বঞ্চিত হোৱাৰ অভিযোগ নলবাৰী, দৰং, নগাওঁ আৰু মৰিগাঁৱৰ জিলাৰ হাজাৰ ছাত্ৰ-ছাত্ৰীৰ ।
ইফালে খাদ্যৰ নামত অখাদ্য খুওৱাৰ অভিযোগ ছাত্ৰ-ছাত্ৰীসকলৰ৷ ইয়াৰ বিৰুদ্ধে ক্ষোভ উজাৰিলে ছাত্ৰ-ছাত্ৰী তথা অভিভাৱক সকলে । ৭৫ শতাংশ বা ততোধিক নম্বৰ প্ৰাপ্ত ছাত্ৰৰ সংখ্যা ৬,০৫২ গৰাকী আৰু প্ৰথম বিভাগত উত্তীৰ্ণ ছাত্ৰীৰ সংখ্যা ২৯,৭৪৮ গৰাকী । মুখ্যমন্ত্ৰী আৰু শিক্ষামন্ত্ৰী উপস্থিত থকা সভালৈ অহা নলবাৰী, দৰং, নগাঁও আৰু মৰিগাঁৱৰ জিলাৰ হাজাৰ ছাত্ৰ-ছাত্ৰীয়ে নাপালে কোনো প্ৰংশসা-পত্ৰ ।
Comments