ধেমাজি, ৩০ নৱেম্বৰঃ ভীমবৰ দেউৰী দিৱসটো দেউৰী জনগোষ্ঠীৰ মাজত কেৱল সীমাবদ্ধ নাৰাখি সকলো অসমীয়া তথা উত্তৰ-পূৱৰ জনজাতি সমাজে উদযাপন কৰিব লাগে - এই বক্তব্য অসম চৰকাৰৰ সাংস্কৃতিক বিভাগৰ মন্ত্ৰী বিমল বৰাৰ ৷
ধেমাজি জিলাৰ শ্ৰীপাণিত অসম চৰকাৰৰ সাংস্কৃতিক সঞ্চালকালয়ৰ পৃষ্ঠপোষকতাত আজি অনুষ্ঠিত জননেতা ভীমবৰ দেউৰীৰ ৭৫ সংখ্যক স্মৃতি দিৱস অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকি ৰাজ্যৰ সাংস্কৃতিক পৰিক্ৰমা দপ্তৰৰ মন্ত্ৰী বিমল বৰাই আৰু কয় জননেতা গৰাকী আছিল জাতিক জগোৱা এটা সত্ত্বা। অসমীয়া সমাজক, বিশেষকৈ বৰ অসমৰ জনজাতি লোক সকলক সজাগ কৰাৰ বাবে ভীমবৰ দেউৰীয়ে চলোৱা প্ৰয়াসৰ বাবে তেওঁ আমাৰ মাজত সৰ্বদা শ্ৰদ্ধেয় হৈ থাকিব।
গোটেই অসমত থকা কম সংখ্যক দেউৰী জনগোষ্ঠীৰ পৰা আৰু ভীমবৰ দেউৰীৰ দৰে আৰু যেন সুযোগ্য সন্তান ওলায় তাৰ বাবে তেওঁলোকক কঠিন শ্ৰম কৰিবলৈ তেওঁ অনুৰোধ জনায়। অনুষ্ঠানটি শুভ উদ্ধোধনী ভাষণত জিলা উপায়ুক্ত অসীম কুমাৰ ভট্টাচাৰ্যই কয় যে, ধেমাজি জিলাৰ বাবে সৌভাগ্যৰ কথা যে ভীমবৰ দেউৰীৰ ৭৫ সংখ্যক স্মৃতি দিৱস এইবাৰ এইখন জিলাতে অসম চৰকাৰৰ সাংস্কৃতিক সঞ্চালকালয়ৰ পৃষ্ঠপোষকতাত অনুষ্ঠিত কৰিবলৈ লোৱা হৈছে। ভীমবৰ দেউৰীৰ অতি কম বয়সতে মৃত্যু নোহোৱা হ'লে অসম তথা অসমৰ জনজাতীয় ৰাইজ যথেষ্ট উপকৃত হ'লহেতেন বুলি তেওঁ মন্তব্য কৰে।
দেউৰী সাহিত্য সভাৰ প্ৰাক্তন সভাপতি নিৰেণ দেউৰীয়ে উদ্ধোধন কৰা সভাখনত জোনাই বিধানসভা সমষ্টিৰ বিধায়ক ভূৱন পেগুয়েও বিশিষ্ট অতিথি হিচাপে ভাষণ প্ৰদান কৰে। সভাত নিৰ্দিষ্ট বক্তা হিচাপে বক্তব্য প্ৰদান কৰে যোৰহাটৰ জে বি মহাবিদ্যালয়ৰ অধ্যাপিকা জ্যোতিৰেখা হাজৰিকাই। সভাত সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ যুটীয়া সচিব বিজয় লক্ষ্মী বৰুৱা, সদৌ অসম দেউৰী ছাত্ৰ সন্থাৰ সভাপতি নিৰেণ দেউৰী, দেউৰী সাহিত্য সভাৰ সভাপতি ফিৰো দেউৰী প্ৰমুখ্যে বিশিষ্ট ব্যক্তি সকলো উপস্থিত থাকে বক্তব্য ৰাখে ৷
Comments