Classifieds
View All
প্ৰণৱজ্যোতি দত্ত,১২ নবেম্বৰ:অসমৰ প্ৰসিদ্ধ চিত্ৰকৰ তথা কাৰ্টুনিষ্ট ত্ৰৈলোক্য দত্তৰ দেহাৱসান।মৃত্যুৰ সময়ত কাৰ্টুনিষ্ট গৰাকীৰ বয়স আছিল ৯০ বছৰ।বুধবাৰে নিশা ১১ বজাত জি এম চি এইচত শেষ নিশ্বাস ত্যাগ যশস্বী শিল্পীগৰাকীৰ৷
সোমবাৰৰ পৰা স্বাস্থ্যৰ কিছু অৱনতি হোৱা বাবে আই চি ইউত চিকিৎসাধীন হৈ আছিল।১৯৩০ চনৰ ১৮ ফেব্ৰুৱাৰীত বজালীৰ ৰতনপুৰ গাঁওত জন্ম গ্ৰহণ কৰিছিল অসমৰ কাৰ্টুনিষ্ট আৰু চিত্ৰশিল্পী ত্ৰৈলোক্য দত্তই।
১৯৫২ চনত তেওঁ নতুন অসমীয়া কাকতত বিজ্ঞাপন বিভাগৰ কাৰ্যালয় সহায়ক হিচাপে কাম কৰিবলৈ আৰম্ভ কৰে।কিছুবছৰৰ বাবে তেখেতে অসম চৰকাৰৰ জনসংযোগ বিভাগটো চাকৰি কৰিছিল।
ত্ৰৈলোক্য দত্তই অসমত ৰাজনৈতিক কাৰ্টুনৰ ধাৰাটোৰ গুৰি ধৰিছিল।
Comments