লালুক,১২ নবেম্বৰঃ সদৌ অসম মধ্যাহ্ন ভোজন কৰ্মচাৰী ইউনিয়নৰ লখিমপুৰ জিলা সমিতিৰ কৰুণাবাৰী আৰু বিহপুৰীয়া ব্লক সমিতিৰ এখনি ৰাজহুৱা তথা প্ৰতিনিধি সভা আজি অনুস্থিত হৈ যায়৷ লালুক গণ ভৱন প্ৰাংগনত আয়োজিত ৰাজহুৱা সভাখনিৰ শুভাৰম্ভ কৰে মধ্যাহ্ন ভোজন কৰ্মীৰ দিহানামেৰে৷
সভাত সভাপতিত্ব কৰে লখিমপুৰ জিলা সমিতিৰ সভানেত্ৰী মণিমা শইকীয়াই৷ উদ্দেশ্য ব্যাখ্যা তথা আঁতধৰে জিলা সম্পাদিকা ৰাণু মিলিয়ে৷ সভাত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকি সদৌ অসম মধ্যাহ্ন ভোজন কৰ্মচাৰী ইউনিয়নৰ ৰাজ্যিক সভানেত্ৰী কুঞ্জলতা ভৰালীয়ে বিগত সময়ত মধ্যাহ্ন ভোজনৰ ৰান্ধনী আৰু সহায়িকাই প্ৰাপ্য মাননি আদায়ৰ নামত বিভিন্ন পক্ষৰ পৰা ব্যাপক হাৰাশাস্তিৰ সন্মুখীন হৈ আহিছে বুলি উল্লেখ কৰি জিন্দাবাদ, মূৰ্দাবাদ কৰিলেহে মাননি পাবলৈ সমৰ্থ হয় বুলি ক্ষোভ ব্যক্ত কৰে৷
চলিত বৰ্ষতে বিজেপি চৰকাৰে মধ্যাহ্ন ভোজন এন জি অ’ৰ হাতত গতাই ৰান্ধনীক নিঃশেষ কৰিব খুজিছিল বুলি অভিযোগ কৰি শেহতীয়াকৈ পূৰ্বৰ মাননিৰ লগত পাঁচশ টকা সহযোগ কৰি কিছু সকাহ প্ৰদান কৰিছে যদিও মাননি নিয়মীয়াকৈ দিয়াৰ ব্যৱস্থা আজিও নহ’ল বুলি মন্তব্য কৰে৷
সভাত সদৌ অসম মধ্যাহ্ন ভোজন কৰ্মচাৰী ইউনিয়নৰ ৰাজ্যিক সম্পাদিকা প্ৰণামী গগৈ আৰু কোষাধ্যক্ষ সঞ্জয় বাড়ী উপস্থিত থাকি ৰান্ধনীৰ মাননিৰ বৃদ্ধি কৰা, চাকৰিৰ মৰ্যাদা প্ৰদান কৰা, অন্যান্য সুবিধা প্ৰদান কৰা আদিৰ দাবীত সংগ্ৰাম অব্যাহত ৰাখিব বুলি ভাষণত উল্লেখ কৰে৷ বিহপুৰীয়া আৰু কৰুণাবাৰী ব্লকৰ দুই শতাধিক মধ্যাহ্ন ভোজন কৰ্মী উপস্থিত থকা সভাতেই লখিমপুৰ জিলা সমিতিৰ অধীনস্থ বিহপুৰীয়া ব্লক সমিতিখন গঠন কৰা হয়৷
প্ৰতিনিধি সভাৰ জৰিয়তে জয়নবা খাতুনক সভানেত্ৰী, কৰুণা হ’ৰক উপ সভানেত্ৰী, ৰাজীৱ দেউৰীক সম্পাদক, মুকুল হাজৰিকাক সহকাৰী সম্পাদক হিচাপলৈ বিহপুৰীয়া ব্লক সমিতি গঠন কৰা হয়৷
Comments