Classifieds
View All
প্ৰণৱজ্যোতি দত্ত,১৩ নবেম্বৰ:দেশৰ প্ৰতিখন ৰাজ্যত প্ৰতিটো ভাষাত ৰিপাব্লিক টিভিৰ চেনেল আৰম্ভ কৰা হ'ব।ৰিপাব্লিকে আগন্তুক ১৬-১৭ মাহত এক আন্তৰ্জাতিক মিডিয়া প্ৰকল্পও আৰম্ভ কৰিব৷এই কথা ঘোষণা কৰিছে ৰিপাব্লিক মিডিয়া নেটৱৰ্কৰ মুখ্য সম্পাদক অৰ্ণৱ গোস্বামীয়ে।
জামিনত মুক্তিলাভ কৰাৰ পাছতেই অনুৰাগীসকলে জনোৱা আদৰণিৰ মাজতেই এই কথা ঘোষণা কৰি অৰ্ণৱ গোস্বামীয়ে কয় যে,"পৰৱৰ্তী ১১-১২ মাহত আমি ভাৰতৰ প্ৰতিখন ৰাজ্যত ৰিপাব্লিকৰ নেটৱৰ্ক আৰম্ভ কৰিম।মই জে’লৰ ভিতৰৰ পৰাও কাম কৰিম।কোনেও একো কৰিব নোৱাৰিব।"
উল্লেখযোগ্য যে,উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ ডি ৱাই চন্দ্ৰচুৰ আৰু ইণ্ডিৰা বেনাৰ্জীৰ বিচাৰপীঠে অন্তৰ্ৱৰ্তীকালীন জামিন প্ৰদান কৰাৰ পাছতে তেওঁৰ বিৰুদ্ধে থিয় হোৱা শক্তিক এইদৰে প্ৰত্যাহ্বান জনায় সাংবাদিকগৰাকীয়ে৷
Comments