গুৱাহাটী, ১২ নবেম্বৰ: ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি জৱাহৰলাল নেহেৰু বিশ্ববিদ্যালয়ত স্বামী বিবেকানন্দৰ প্ৰতিমূৰ্তি ভিডিঅ’ কনফাৰেন্সিঙৰ সহায়ত মুকলি কৰে ৷ জেএনইউৰ শিক্ষাৰ্থী আৰু দেশৰ যুৱ-প্ৰজন্মক উদ্দেশ্য দিয়া ভাষণত প্ৰধানমন্ত্ৰীয়ে কয়, “আমি সকলোৱে ভাৱো আমি বিশ্বাস কৰা আদৰ্শ শ্ৰেষ্ঠ ৷ ৰাষ্ট্ৰৰ বিষয়তো আমি বিশ্বাস কৰা আদৰ্শই শ্ৰেষ্ঠ হ’ব লাগিব ৷ আমি এই একেটা ফ্ৰেমৱর্ক, সীমাত থাকি কাম কৰিব বিছাৰো ৷ কিন্তু এয়া ভুল ৷ আমি বিশ্বাস কৰা আদৰ্শক লৈ আমি গৌৰৱ কৰো যদিও যেতিয়া দেশৰ কথা আহে আমাৰ আদৰ্শ সদায় দেশৰ সৈতে থিয় দিয়া হ’ব লাগে ৷ ভাৰতৰ স্বাধীনতা আন্দোলনত দেশৰ বিভিন্ন আদৰ্শৰ নেতা, জনসাধাৰণ একেখন মঞ্চৰ তললৈ আহি সংগ্ৰাম কৰিছিল ৷ দেশত যেতিয়া জৰুৰীকালীন অৱস্থা ঘোষণা কৰা হৈছিল তেতিয়া তাৰ বিৰোধীতাত আৰ আৰ এছৰ নেতা, সমাজবাদী নেতা আৰু বাঁওপন্থী আদৰ্শৰ সকলোৱে একেখন মঞ্চৰ পৰা কাম কৰিছিল ৷ যেতিয়া ৰাষ্ট্ৰৰ একতা, অখণ্ডতা, সিদ্ধান্তৰ কথা আহে তেতিয়া আমাৰ ব্যক্তিগত আদৰ্শৰ অগ্ৰাধিকাৰে আমাৰ দেশৰ ক্ষতি কৰিব৷”
প্ৰধানমন্ত্ৰীয়ে কয় যে নতুন নতুন ধাৰণা সমূহ কোনো ধৰণৰ বাধা অবিহনে ভাগ বতৰা হোৱাটো জৰুৰী ৷ আমাৰ দেশত বিভিন্ন বুদ্ধিজীৱীৰ ধাৰণা অংকুৰিত হৈছে আৰু এই ধাৰণাৰ উন্নয়ন হৈছে ৷ আমাৰ নৱপ্ৰজন্মৰ যুৱক-যুৱতী সকলেও এই ধাৰাক অব্যাহত ৰখাটো উচিত ৷ এই পৰম্পৰাৰ বাবেই ভাৰতবৰ্ষ বিশ্বৰ এখন প্ৰাণৱন্ত গণতন্ত্ৰৰ দেশ৷
আত্মনিৰ্ভৰ ভাৰতৰ কথা উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে আত্মনিৰ্ভৰ ভাৰত যোজনাৰ অধীনত ভাৰতক পুননির্মাণ কৰি থকা হৈছে ৷ ১৩০ কোটি ভাৰতীয়ই একেলগে এই যোজনাত অংশগ্ৰহণ কৰিছে ৷ দেশত দুখীয়া সকলক সর্বাধিক অৱহেলা কৰা হৈছিল ৷ তেওঁলোকৰ উন্নয়নৰ কথা কেব’ল শ্লোগানতে সীমাবদ্ধ আছিল ৷ দেশৰ ব্যৱস্থাৰ সৈতে দুখীয়া জনসাধাৰণক জড়িত কৰাৰ বাবে চেষ্টা কৰা নাছিল ৷ বৰ্তমান দেশৰ দুখীয়া জনসাধাৰণে ঘৰ, বাথৰুম, বিদ্যুৎ, বিশুদ্ধ পানী, ডিজিটেল বেংকিং, মোবাইলৰ আৰু তীব্ৰবেগী ইণ্টাৰনেটৰ সুবিধা লাভ কৰিছে ৷ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে জেএনইউস্থিত স্বামী বিবেকানন্দৰ প্ৰতিমূর্তিয়ে সকলোকে অনুপ্ৰেৰণা আৰু সাহস দিব বুলি আশা প্ৰকাশ কৰে ৷
Comments