মুম্বাই, ১২ নৱেম্বৰ ঃ কৰ’না ভাইৰাছৰ সংক্রমণ প্রতিৰোধৰ বাবে কেন্দ্রীয় চৰকাৰে সমগ্র দেশতে লকডাউন বলৱৎ কৰাৰ ফলত দেশৰ অর্থনৈতিক গতি স্থবিৰ হৈ পৰে৷ ফলত অর্থনীতিৰ অৱস্থা শোচনীয় হৈ পৰে৷ আনলক প্রক্রিয়া ঘোষণা কৰাৰ পাছৰ পৰা অর্থনীতিৰ অৱস্থা লাহে লাহে উন্নত হোৱাৰ দিশত আগবাঢ়িছে৷ সেই সময়তে ভাৰতীয় ৰিজার্ভ বেংকে (আৰ বি আই) দেশৰ উন্নয়নৰ হাৰ হ্রাস পোৱাৰ সম্ভাৱনা আছে বুলিহে সতর্ক কৰি দিছে৷
ইয়াৰ লগতে আৰ বি আয়ে এইবুলিও কয় যে দেশ প্রথমবাৰলৈ অতি মন্দাৱস্থাৰ সন্মুখীন হৈছে৷ আৰ বি আইৰ এজন বিষয়াই প্রকাশ কৰা অনুসৰি ছেপ্টেম্বৰত অন্ত পৰা চলিত বিত্তীয় বর্ষৰ দ্বিতীয় ত্রৈমাসিকত মুঠ ঘৰুৱা উৎপাদনৰ (জি ডি পি) উন্নয়নৰ হাৰ যোৱা বছৰৰ একে সময়ছোৱাৰ তুলনাত ৮.৬ হ্রাস পোৱাৰ সম্ভাৱনা আছে৷ আন কথাত একেৰাহে দ্বিতীয় ত্রৈমাসিকত দেশৰ উন্নয়নৰ হাৰ হ্রাস পাইছে৷
ফলত দেশৰ অর্থনীতিত প্রথমবাৰৰ বাবে মন্দাৱস্থাই দেখা দিয়ে৷ উল্লেখযোগ্য যে কৰ’না মহামাৰী প্রতিৰোধৰ বাবে ঘোষণা কৰাৰ ফলত বিত্তীয় বর্ষৰ প্রথম তিনি মাহত উন্নয়নৰ হাৰ ২৩.৯ হ্রাস পাইছিল৷ উল্লেখযোগ্য যে দ্বিতীয় ত্রৈমাসিকৰ জি ডি পিৰ উন্নয়নৰ চৰকাৰী তথ্য এতিয়াও প্রকাশ কৰা হোৱা নাই, কিন্তু কেন্দ্রীয় বেংকটোৰ গৱেষকসকলে তাৎক্ষণিক পূর্বানুমান বিধি প্রয়োগ কৰি জুলাই-ছেপ্টেম্বৰ ত্রৈমাসিকত দেশৰ উন্নয়নৰ হাৰ ৮.৬ হ্রাস পাব বুলি অনুমান কৰিছে৷
আৰ বি আয়ে কৰা অনুমান সঠিক হ’লে দেশৰ অর্থনীতিৰ উন্নয়নৰ হাৰ একেৰাহে দ্বিতীয় ত্রৈমাসিকত ঋণাত্মক হোৱাৰ সম্ভাৱনা আছে৷ আৰ বি আয়ে আগতে কৰা অনুমান মতে, চলিত বিত্তীয় বর্ষত জি ডি পিৰ উন্নয়নৰ হাৰ ৯.৫ হ্রাস পোৱাৰ সম্ভাৱনা আছে৷ আৰ বি আইৰ বিশেষজ্ঞ তথা গৱেষক পংকজ কুমাৰে তৈয়াৰ কৰা এখন প্রতিবেদনত উল্লেখ কৰা অনুসৰি ‘ইতিহাসত প্রথমবাৰৰ বাবে ভাৰতত কাৰিকৰীভাৱে ২০২০-২১ বিত্তীয় বর্ষৰ প্রথম ছমাহত অর্থনৈতিক মন্দাৱস্থাৰ সৃষ্টি হৈছে৷ অৱশ্যে প্রতিবেদনখনত পৰিস্থিতি লাহে লাহে উন্নত হ’ব বুলিও কোৱা হৈছে৷ অক্টোবৰ-ডিচেম্বৰ ত্রৈমাসিকত ভাৰতীয় অর্থনীতি উন্নয়নৰ দিশে আগবাঢ়িব বুলি কোৱা হৈছে৷
Comments