Cartoon
View Older
প্ৰণৱজ্যোতি দত্ত,১৩ নবেম্বৰ:তিনিচুকীয়াৰ লাইপুলিৰ 'মদন মোহন জয় প্ৰকাশ' নামৰ পেট্ৰ’ল পাম্পটোত নিশা চাঞ্চ্যলকৰ ডকাইতি কাণ্ড।নিশা প্ৰায় ১০.৩০ বজাত তিনিজনীয়া এটা ডকাইতৰ দলে হাতত মাৰণাস্ত্ৰ লৈ পেট্ৰ’ল পাম্পটোত প্ৰৱেশ কৰিছিল।
অস্ত্ৰধাৰী দলটোৱে পেট্ৰ’ল পাম্পটোলৈ লক্ষ্য কৰি গুলিচালনা কৰিছিল যদিও পেট্ৰ’ল পাম্পটো সৌভাগ্য ক্ৰমে ৰক্ষা পৰে।ডকাইতৰ দলটোৱে পাম্পটোত থকা নগদ প্ৰায় তিনি লাখ টকা লৈ উধাও হোৱাৰ লগতে পাম্পটোৰ কৰ্মচাৰীক চোকা অস্ত্ৰৰে প্ৰহাৰ কৰে।
বুধবাৰে সন্ধিয়া এগৰাকী যুৱতীক ৮-১০জনীয়া এটা দুৰ্বৃত্তৰ দলে অপহৰণৰ চেষ্টা চলোৱাৰ ঘটনাৰ চাঞ্চল্য মাৰ নৌ যাওতেই পুনৰ সংঘটিত ডকাইতি কাণ্ডই জিলাখনত যথেষ্ট শংকাৰ সৃষ্টি কৰিছে৷ইতিমধ্যে ঘটনা সন্দৰ্ভত তিনিচুকীয়া আৰক্ষীয়ে অনুসন্ধান আৰম্ভ কৰিছে৷
Comments