প্ৰণৱজ্যোতি দত্ত,১৬ নবেম্বৰ:আজি ৰাষ্ট্ৰীয় প্ৰেছ দিৱস।চৰকাৰী আৰু বেচৰকাৰী সংবাদিক সংগঠন সমূহে দেশৰ লগতে অসমতো অনুষ্ঠিত কৰিছে ৰাষ্ট্ৰীয় প্ৰেছ দিৱস।আনহাতে গুৱাহাটী প্ৰেছ ক্লাৱকে ধৰি ৰাজ্যৰ বিভিন্ন প্ৰান্তত আপকু, সদৌ অসম সাংবাদিক সন্থা,অসম সাংবাদিক সংস্থা আদিয়ে ৰাষ্ট্ৰীয় প্ৰেছ দিৱস উদযাপনৰ বিভিন্ন কাৰ্যসূচী গ্ৰহণ কৰিছে।
ৰাষ্ট্ৰীয় প্ৰেছ দিৱস উপলক্ষ্যে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে টুইটাৰযোগে সাংবাদিকসকলক শুভেচ্ছা জ্ঞাপন কৰাৰ লগতে কভিড অতিমাৰীৰ মাজতো সাংবাদিকসকলে নিষ্ঠাৰে কৰ্তব্য সমাপন কৰি যোৱাৰ বাবে ধন্যবাদ জ্ঞাপন কৰিছে।
উল্লেখযোগ্য যে, ১৯৬৬ চনৰ আজিৰ দিনটোতে দেশৰ সংবাদমাধ্যমৰ স্বচ্ছতা,নিৰপেক্ষতা আৰু সুৰক্ষাৰ লক্ষ্যৰে গঠন কৰা হৈছিল প্ৰেছ কাউন্সিল অৱ ইণ্ডিয়া।প্ৰেছ কাউন্সিল অৱ ইণ্ডিয়াৰ প্ৰতিষ্ঠাৰ দিনটো প্ৰতি বছৰে ৰাষ্ট্ৰীয় প্ৰেছ দিৱস হিচাবে উদযাপন কৰি অহা হৈছে।
Comments