চেলেংহাট ১৬ নবেম্বৰ: কাকপথাৰৰ প্ৰতিদিন টাইমৰ সাংবাদিক পৰাগ ভূঞাৰ হত্যাৰ তদন্ত চিবিআই ৰ হাতত অৰ্পন কৰাৰ দাবীত সৰব হৈ উঠিছে আটছা।
ৰাষ্ট্ৰীয় প্ৰেছ দিৱসৰ দিনাই ধোদৰ আলিত সাংবাদিক হত্যাৰ প্ৰতিবাদত আজি মানৱ শৃংখল কাৰ্যসূচী ৰূপায়ন কৰে আটছাৰ চেলেংহাট উপশাখাই।হাতে হাতে বেনাৰ ফেষ্টুন লৈ অসমত শেহতীয়াভাবে সাংবাদিক নিগ্ৰহৰ ঘটনা বৃদ্ধি পোৱাত ৰাজ্য চৰকাৰে সাংবাদিকৰ নিৰাপত্তা নিশ্বিত কৰাৰ দাবীত উত্তাল প্ৰতিবাদ স্যাবাস্ত কৰে আটছাই।
ইফালে কাকপথাৰৰ সাংবাদিক পৰাগ ভূঞাৰ হত্যাৰ তদন্ত চিবিআইক অৰ্পনৰ দাবী জনোৱাৰ লগতে অসমীয়া প্ৰতিদিনৰ মিৰ্জাৰ সাংবাদিক মিলন মহন্তৰ আক্ৰমণকাৰীক শীঘ্ৰে গ্ৰেপ্তাৰৰ দাবী জনায় প্ৰতিবাদকাৰীসকলে।আজি প্ৰতিবাদস্থলীত আটছাৰ যোৰহাট জিলা সমিতিৰ সভাপতি গকুল মাঝি, চেলেংহাট শাখাৰ সভাপতি শিবা পানতাতী,আটছাৰ মৰিয়নি শাখাৰ সভাপতি সম্পাদক দিনেশ চাহু উপস্থিত থাকে।
Comments