বঙাইগাঁও,১৬ নৱেম্বৰ : বঙাইগাৱঁত জিলা তথ্য আৰু জনসংযোগ বিভাগৰ উদ্যোগত আৰু বঙাইগাঁও জিলা প্ৰশাসনৰ সহযোগত আজি ৰাষ্ট্ৰীয় প্ৰেছ দিৱস পালন কৰে৷
এই উপলক্ষে জিলা উপাযুক্ত কাৰ্যালয়ৰ সভাকক্ষত " সংবাদ মাধ্যমৰ ওপৰত ক'ভিড 19 অতিমাৰীৰ প্ৰভাৱ আৰু এই সমযত সংবাদ মাধ্যমৰ ভূমিকা শীৰ্ষক "" এক আলোচনা চক্ৰ অনুষ্ঠিত হয়৷৷
বঙাইগাঁও চহৰৰ প্ৰIক্তন শিক্ষক তথা সাংবাদিক,জ্যেষ্ট নাগৰিক তথা সমাজসেৱক ডা:বি এল শৰ্মাই বিষয়টোৰ ওপৰত আলোকপাত কৰে৷ জিলা তথ্য আৰু জনসংযোগ বিষয়াই আঁত ধৰা অনুষ্টানত জিলা প্ৰশাসনৰ অতিৰিক্ত উপাযুক্ত আৰু জিলা যুটিয়া স্থাস্থ্য সঞ্চালকৰ লগতে চহৰৰ সাংবাদিক সকল উপস্থিত থাকে৷
Comments