গুৱাহাটী, ১৬ নবেম্বৰ: দেশৰ তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰী প্ৰকাশ জাভেদকাৰে কয় যে টেলিভিছন মেডিয়া সমূহৰ নিজাববীয়াকৈ স্ব-নিয়ন্ত্ৰক এক সংস্থা থাকিব লাগে ৷ ন্যায়াধীশ একে চিকৰিৰ নেতৃত্বত এটা অনুষ্ঠান গঠন কৰা হৈছিল যদিও বিভিন্ন অনুষ্ঠান সমূহ এই অনুষ্ঠানৰ সদস্য নহয় ৷ সংবাদ প্ৰতিষ্ঠান সমূহৰ জবাবদিহি কৰিবৰ বাবে আমি বিভিন্ন পৰামৰ্শ লাভ কৰি আহিছোঁ ৷ ওভাৰ দ্যা টপ (ওটিটি) প্লেটফৰ্ম সমূহৰ কোনো নিয়ন্ত্ৰণকাৰী সংস্থা নাই, তেওঁলোকৰ স্ব-নিয়ন্ত্ৰণো নাই ৷ ভালৰ পৰা বেয়াকে ধৰি এই মঞ্চ সমূহত বিভিন্ন কণ্টেণ্ট পোৱা যায় ৷ মেডিয়া অনুষ্ঠানসমূহে দায়িত্বশীল স্বাধীনতাৰ বাবে নিজাববীয়াকৈ ব্যৱস্থা হাতত ল’ব লাগে ৷
ৰাষ্ট্ৰীয় প্ৰেছ দিৱস উপলক্ষে অনুষ্ঠিত হোৱা এখন ৱেবিনাৰত জাভেদকাৰে কয় সংবাদ মাধ্যমৰ স্বাধীনতা ৰাজহুৱা সমাজ ব্যৱস্থাৰ আত্মা আৰু ইয়াৰ বিশেষ গুৰুত্ব আছে ৷ “বৰ্তমান সময়ত এই স্বাধীনতাৰ দেশত পুনৰ এবাৰ চৰ্চাৰ বিষয় হৈ পৰিছে ৷ এই সম্পৰ্কে মইও টুইট কৰিছোঁ যে সংবাদ মাধ্যমৰ স্বাধীনতাৰ ওপৰত আক্ৰমণ হৈছে ৷ যিটো ভাল কথা নহয় ৷”
টিআাৰপি সম্পর্কে মন্তব্য কৰি জাভেদকাৰে কয় যে টি আৰি পি কি ? “বিজ্ঞাপণ দিব খোজা প্ৰতিষ্ঠান সমূহক এক নিৰ্দেশনা লাগে য’ত তেওঁলোকে কত বিজ্ঞাপন দিব লাগে, কত বিজ্ঞাপন দিলে দৰ্শকৰ মনোযোগ, আকৰ্ষণ লাভ কৰিব পাৰে এই সম্পৰ্কে এক ধাৰণা কৰিব পাৰে ৷ আমি ইয়াত হস্তক্ষেপ কৰিব বিচৰা নাছিলোঁ কিন্তু আমি এখন কমিটি গঠন কৰিছোঁ যাতে ইয়াত হৈ থকা খেলিমেলিবোৰ ঠিক কৰিব পাৰি ৷”
জাভেদকাৰে কয় যে প্ৰেছ কাউঞ্চিল বিভিন্ন প্ৰকাৰৰ মানুহ আছে ৷ সাংবাদিকৰ প্ৰতিনিধি, ফটোগ্ৰাফৰ আৰু অন্যান্য ৷ বৰ্তমান সময়ত মানুহে দাবী কৰিছে যে প্ৰেছ কাউঞ্চিলক আৰু অধিক ক্ষমতা দিব লাগে ৷ প্ৰেছৰ মানুহে এই গোটেই ব্যৱস্থাৰ শুধৰণি কৰাৰ যি এক প্ৰত্যাহ্বান তাক গ্ৰহণ কৰিব লাগে আৰু তাক কাৰ্য্যকৰী কৰিব লাগে ৷ চৰকাৰে কোনোধৰণৰ স্বাধীনতাত বাধা দিব নিবিচাৰে ৷
Comments