Cartoon
View Older
গুৱাহাটী, ১৬ নবেম্বৰ: জম্মু কাশ্মীৰত পাক সেনাৰ যুদ্ধবিৰতি উলংঘাৰ ফলত দেশৰ হৈ প্ৰাণ দিয়া অসম সন্তান শ্বহীদ হৰধন চন্দ্ৰ ৰায়ৰ আজি নিজৰ জন্মস্থান ধুবুৰীৰ ফুটকিবাৰী মেধিপাৰাত নিজ বাসগৃহত সামৰিক মৰ্য্যদাৰে শেষকৃত্য সম্পন্ন কৰা হয় ৷
উক্ত শেষকৃত্য অনুষ্ঠানত ভাৰতীয় জনতা পাৰ্টিৰ অসম প্ৰদেশৰ সভাপতি ৰঞ্জিৎ কুমাৰ দাস, মন্ত্ৰী প্ৰমীলা ব্ৰহ্ম, ফনিভূষণ চৌধুৰী, জিলাৰ উপায়ুক্ত অনন্তলাল জ্ঞানী, জিলাৰ আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰ, সেনাৰ উচ্চ প্ৰদস্থ বিষয়া ধৰি অশেষ গুণমুগ্ধ উপস্থিত থাকে ৷
অন্তোষ্টিক্ৰিয়াৰ পূৰ্বে শ্বহীদ হৰধন চন্দ্ৰ ৰায়ক ৰাষ্ট্ৰীয় মৰ্য্যদাৰে সামৰিক ভাবে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হয় ৷ শ্বহীদ গৰাকীৰ নশ্বৰদেহ দুবছৰীয়া পুত্ৰ আৰু পত্নীয়ে ধৰ্মীয় ৰীতি নীতিৰে মুখাগ্নি কৰি অন্তোষ্টিক্ৰিয়া সম্পন্ন কৰে।
Comments