প্ৰণৱজ্যোতি দত্ত,১৮ নবেম্বৰ:৫০টা কণমানি শিশুক যৌন উৎপীড়ন চলাই চিবিআইৰ হাতত গ্ৰেপ্তাৰ কনিষ্ঠ অভিযন্তা।অভিযুক্ত কনিষ্ঠ অভিযন্তা ৰামভৱান উত্তৰ প্ৰদেশৰ জলসিঞ্চন বিভাগত কৰ্মৰত।দহ বছৰ ধৰি অভিযন্তাজনে এই জঘন্য কাৰ্যকলাপ চলাই আহিছিল আৰু অৱশেষত চিবিআইৰ হাতত ধৰা পৰে।
চিবিআইৰ বিশেষ অনলাইন শিশু যৌন উৎপীড়ন আৰু শোষণ প্ৰতিৰোধ (অ’চিএছএই) কোষে কুখ্যাত অপৰাধীজনক আটক কৰে।উল্লেখযোগ্য যে, অভিযন্তাগৰাকীয়ে সৰু শিশুৰ সৈতে যৌন সম্ভোগ কৰি ফটো তথা ভিডিঅ’সমূহ ইণ্টাৰনেট আৰু ডাৰ্ক ৱেবচাইটত বিক্ৰী কৰিছিল।
অভিযন্তাজনে সদায় ৫ বছৰৰ পৰা ১৬ বছৰৰ শিশুক লক্ষ্য কৰি লৈছিল।লোকজনে শিশুসকলক মোবাইল ফোন বা আন ইলেক্ট্ৰনিকছ সামগ্ৰী প্ৰদান কৰি মুখ বন্ধ ৰাখিবলৈ কৈছিল।চিবিআইৰ দলে তালাচীৰ সময়ত অভিযন্তাজনৰ পৰা ৮টা মোবাইল ফোন,আঠ লাখ টকা, লেপটপ,যৌন খেলনা,বৃহৎ সংখ্যক শিশু পৰ্ণগ্ৰাফী উদ্ধাৰ কৰে।
Comments