Classifieds
View All
প্ৰণৱজ্যোতি দত্ত,১৯ নবেম্বৰ:অসমত উপস্থিত হৈছে মধ্যপ্ৰদেশৰ আৰক্ষীৰ দল।হাজোৰ দামপুৰত মধ্যপ্ৰদেশ আৰক্ষীৰ অভিযান।
ঘটনা সন্দৰ্ভত জানিব পৰা মতে,মধ্যপ্ৰদেশৰ ছিউনী জিলাৰ অন্তৰ্গত লক্ষণাদ্ৰোণ আৰক্ষী থানাত কিছুদিন পূৰ্বে দীনেশ ৰায় মুনমুন নামৰ এজন লোকে নিজৰ বেংক একাউন্টৰ পৰা ৪ লাখ ৫১ হাজাৰ টকা হৰলুকি হোৱাৰ সম্পৰ্কে এজাহাৰ দাখিল কৰিছিল।
এই তদন্তৰ অন্তত অৱশেষত হাজোৰ দামপুৰত উপস্থিত হয় মধ্যপ্ৰদেশ আৰক্ষী।হাজো আৰক্ষীৰ সহযোগত দামপুৰৰ পৰা মীৰ আলম চাহিদ নামৰ চাইবাৰ অপৰাধীটোক গ্ৰেপ্তাৰ কৰে।
Comments