গুৱাহাটী, ১৮ নবেম্বৰ: মুখ চাফা কৰিবলৈ ব্যৱহাৰ কৰা মাউথৱাছ হ’ব পাৰে ক’ভিড ১৯ৰ সৃষ্টি কৰা ক’ৰনা ভাইৰাচৰ পৰা ৰক্ষা পোৱাৰ এক উপায় ৷ কার্ডিফ বিশ্ববিদ্যালয়ৰ এক গবেষণাত প্ৰকাশ পাইছে যে মুখ চাফা কৰিবলৈ ব্যৱহাৰ কৰা মাউথৱাছে ক’ৰনা ভাইৰাছক ৩০ চেকেণ্ডৰ ভিতৰত ধ্বংস কৰিব পাৰে ৷ উল্লেখ্য যে এই গবেষণা পত্ৰখন এতিয়ালৈ সমকক্ষ প্ৰতিষ্ঠানৰ পৰা পৰ্যালোচনা হ’বলৈ আছে যদিও কেইটামান দিন আগত মাউথৱাছত ক’ৰনা ভাইৰাছ ধ্বংস কৰিব পৰা ক্ষমতা আছে বুলি অন্য এক গবেষণাতো প্ৰকাশ পাইছিল ৷
দুয়োটা গবেষণাত প্ৰকাশ পাইছে যে চিটিলপিৰিডিনিয়াম ক্লোৰাইড(চিপিচি) যি মাউথৱাছত ব্যৱহাৰ হয় গৱেষণাৰ বাবে ব্যৱহৃত হোৱা এটা লেবত ক’ৰনা ভাইৰাছক ধ্বংস কৰিব পাৰে ৷ কিন্তু মানৱ মাউথৱাছ ক’ৰনা ভাইৰাচৰ চিকিৎসাত ব্যৱহাৰ হ’ব পাৰে নে নাই এই সম্পর্কে কোনো স্পষ্ট ধাৰণা নাই কাৰণ ক’ৰনা ভাইৰাচ মানৱ দেহৰ পৰা ধ্বংস কৰিবলৈ হ’লে ই হাঁওফাঁও পাব লাগিব যিটো প্ৰাকৃতিক ভাৱে অসম্ভৱ ৷ উল্লেখ্য যে বিজ্ঞানীসকলে এই সম্পৰ্কে অতিশীঘ্ৰে ক্লিনিকেল ট্ৰায়েল চলাব বুলি জানিব পৰা গৈছে ৷
Comments