গুৱাহাটী, ১৮ নবেম্বৰ: কৰ’না ভাইৰাচৰ বাবে পিফাইজাৰ আৰু জাৰ্মানীৰ বায়’এনটেকে প্ৰস্তুত কৰি থকা ভেকচিন শেষৰ পৰ্যায়ৰ পৰীক্ষাত ৯৫শতাংশ যোগাত্মক ফলাফল দিছে ৷ ঔষধ নিৰ্মাণকাৰী সংস্থা দুটাই আজি এই কথা জানিবলৈ দিয়ে ৷ ৬৫ বছৰৰ উৰ্দ্ধৰ ব্যক্তি, যিসকল এই ভাইৰাচত আক্ৰান্ত হোৱাৰ সম্ভাৱনা সকলোতকৈ বেছি, তেওঁলোকৰ দেহত এই ভেকচিনে ৯৪% দক্ষতা দেখুৱাইছে ৷
ঔষধ নিৰ্মাণ প্ৰতিষ্ঠানটোৱে আমেৰিকাৰ কতৃপক্ষক জৰুৰীকালীন ভাৱে ব্যৱহাৰ কৰাৰ অনুমতি বিচাৰি আবেদন কৰিব বুলি জানিব পৰা গৈছে ৷ পিফাইজাৰ আৰু বায়’এনটেকে ভেকচিন সম্পৰ্কে সকলো তথ্য আমেৰিকাৰ নিয়ন্ত্ৰণকাৰী সংস্থাক পৰীক্ষাৰ বাবে প্ৰদান কৰিব ৷ এই তথ্য সমূহ পৰ্যালোচনাৰ বাবে অভিজ্ঞতা সম্পন্ন প্ৰতিষ্ঠানক প্ৰদান কৰিব বুলি উল্লেখ কৰিছে সংস্থাটোৱে ৷
প্ৰতিবছৰে ৫০মিলিয়ন মাত্ৰাত এই ভেকচিন প্ৰস্তুত কৰিব বুলি যাৰ জৰিয়তে ২৫মিলিয়ন ব্যক্তিক সুৰক্ষিত কৰিব পাৰিব বুলি উল্লেখ কৰিব বুলি উল্লেখ কৰিছে সংস্থাটোৱে ৷
Comments