গুৱাহাটী, ২০ নবেম্বৰ: ফ্ৰান্স ৰাষ্ট্ৰদূত ইমানুয়েল লেনেনেড’নাৰ মন্ত্ৰালয়ৰ মন্ত্ৰী জিতেন্দ্ৰ সিঙৰ সৈতে অনুষ্ঠিত হোৱা এক বৈঠকত উত্তৰ পূৰ্বাঞ্চলৰ বিভিন্ন উন্নয়নমূলক প্ৰকল্প আৰু এই অঞ্চলত থকা প্ৰচুৰ সম্ভাৱনা সমূহৰ বিষয়ে আলোচনা কৰে ৷
ড’নাৰ মন্ত্ৰালয়ে দিয়া বিবৃতি অনুসৰি ফ্ৰান্স চৰকাৰ উত্তৰ পূৰ্বাঞ্চলৰ পৰ্যটনকে ধৰি বিভিন্ন ক্ষেত্ৰত ভাৰত চৰকাৰৰ সৈতে একেলগে কাম কৰিবলৈ আগ্ৰহী বুলি প্ৰকাশ কৰিছে ৷ ড’নাৰ মন্ত্ৰালয়ৰ মন্ত্ৰী জিতেন্দ্ৰ সিঙে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত দেশৰ উত্তৰ পূর্বাঞ্চলৰ উন্নয়নক কেনেদৰে গুৰুত্ব প্ৰদান কৰা হৈছে এই বিষয়ে ফ্ৰান্সৰ ৰাষ্ট্ৰদূতৰ আগত উল্লেখ কৰে ৷
প্ৰধানমন্ত্ৰীয়ে লুক ইষ্ট পলিচিক এক্ট ইষ্ট পলিচিলৈ ৰূপান্তৰ, ভাৰত বাংলাদেশৰ মাজত হোৱা চুক্তি. ১০০ বছৰীয়া পুৰণি আইন সংশোধন যাৰ জৰিয়তে উত্তৰ পূৰ্বাঞ্চলৰ বাঁহৰ সৈতে জড়িত উদ্যোগৰ সামগ্ৰীৰ প্ৰচাৰ আৰু প্ৰসাৰ কৰিব পৰা যায় এই সমূহৰ কামৰ বিষয়ে ফ্ৰান্স ৰাষ্ট্ৰদূত ইমানুয়েল লেনেনক অৱগত কৰে ৷
জাপান চৰকাৰৰ সৈতে হোৱা সহযোগিতাৰে এই অঞ্চলত চলি থকা বিভিন্ন উন্নয়নমূলক কাম কাজ আৰু ইজৰাইলে সহায়ত মিজোৰামত স্থাপন হোৱা চেন্টাৰ অফ অফ এক্সিলেন্স চিট্রাস ফ্রুট পার্কৰ কথাও মন্ত্ৰীজনে বৈঠকত উল্লেখ কৰে ৷
মন্ত্ৰী জিতেন্দ্ৰ সিঙে উত্তৰ পূৰ্বাঞ্চলত থকা বিভিন্ন সম্ভাৱনাপূর্ণ খণ্ড যেনে পৰ্যটন, হস্তশিল্প, হস্ততাঁত, খাদ্য আৰু ফল-মূলৰ কথা উক্ত বৈঠকত উল্লেখ কৰে ৷
Comments