গুৱাহাটী, ২০ নবেম্বৰ: কেন্দ্ৰীয় চৰকাৰৰ স্বাস্থ্য মন্ত্ৰালয়ে হাৰিয়ানা, ৰাজস্থান, গুজৰাট আৰু মণিপুৰলৈ উচ্চস্তৰীয় কেন্দ্ৰীয় দল প্ৰেৰণ কৰিছে । দিল্লীত হঠাতে বৃদ্ধি পোৱা ক’ভিড-১৯ৰ সংক্ৰমণ আৰু ইয়াৰ পৰিণতিত মৃত্যুৰ হাৰ বৃদ্ধিৰ প্ৰবণতাৰ প্ৰতি দৃষ্টি ৰাখি ‘ৰাষ্ট্ৰীয় ৰাজধানী অঞ্চল’(এনচিআৰ)-ৰ সমীপৱৰ্তী হাৰিয়ানা, ৰাজস্থান আদি ৰাজ্যতো যাতে ইয়াৰ নেতিবাচক প্ৰভাৱ বিস্তাৰিত নহয় সেই কথা নিশ্চিত কৰাৰ বাবেই এই পদক্ষেপ গ্ৰহণ কৰা হৈছে।
‘এইমছ, নতুন দিল্লী’ৰ সঞ্চালক ডা০ ৰণদীপ গুলেৰিয়াই হাৰিয়ানালৈ যোৱা তিনিজনীয়া দলটোক নেতৃত্ব দিয়াৰ বিপৰীতে ‘নীতি আয়োগ’ৰ সদস্য(স্বাস্থ্য) ডা০ ভি কে পালে ৰাজস্থানলৈ যোৱা দলটোক, ‘এনচিডিচি’-ৰ সঞ্চালক ড০ এছ কে সিঙে গুজৰাটলৈ যাবলগীয়া দলটোক নেতৃত্ব প্ৰদান কৰিব। আনহাতে, মণিপুৰ অভিমুখী দলটোক নেতৃত্ব দিছে ‘ডিএইচজিএছ’ৰ অতিৰিক্ত ডিডিজি ড০ এল স্বস্তিচৰণে।
এই দলসমূহে ক’ভিড-১৯ৰ প্ৰকোপ বৃদ্ধি পোৱা জিলাসমূহ ভ্ৰমণ কৰাৰ লগতে ৰাজ্যসমূহত নিয়ন্ত্ৰণ, নিৰীক্ষণ, পৰীক্ষণ, সংক্ৰমণ প্ৰতিৰোধ আৰু পাৰদৰ্শী নিদান ব্যৱস্থাপনা শক্তিশালী কৰি তোলাত সহযোগিতা আগবাঢ়াব।
গোলকীয় মহামাৰী ক’ভিড-১৯ৰ বিৰুদ্ধে সহযোগিতাসমূহক যুক্তৰাষ্ট্ৰীয় ‘ছত্ৰ-ৰণনীতি’ৰ আধাৰত সম্পূৰ্ণ চৰকাৰ আৰু সমগ্ৰ সমাজ মনোভাৱৰে যুদ্ধৰ নেতৃত্ব প্ৰদান কৰিছে কেন্দ্ৰীয় চৰকাৰে। ৰাজ্য তথা কেন্দ্ৰীয় শাসিত অঞ্চলৰ চৰকাৰসমূহৰ আন্তৰিক সহযোগিতাৰে আগবঢ়া ক’ভিড বিৰোধী যুঁজত প্ৰয়োজনীয় সহযোগিতা আগবঢ়োৱাৰ বাবেই শেহতীয়া ভাবে এই দলসমূহক নিয়োজিত কৰাৰ পদক্ষেপ গ্ৰহণ কৰা হয়।
Comments