Classifieds
View All
গুৱাহাটী, ২১নবেম্বৰ: জয়েৰে ইণ্ডিয়ান ছুপাৰ লীগত অভিযান আৰম্ভ কৰিছে উত্তৰ পূর্বাঞ্চলৰ ফুটবল ক্লাব নৰ্থ ইষ্ট ইউনাইটেডে ৷ মুম্বাই চিটী এফ চিয়ে প্ৰথমে নৰ্থ ইষ্ট ইউনাইটেডৰ বিৰুদ্ধে আক্ৰমণাত্মক খেল প্রদর্শন কৰে আৰু প্ৰভাৱ বিস্তাৰ কৰে ৷ খেলৰ ৪৩মিনিটত মুম্বাইৰ আহমেদ জাহুয়ে কামাৰাৰ ওপৰত ভয়ংকৰ ভাৱে ফাউল কৰা বাবে ৰেফাৰীয়ে পোনপটীয়া ৰেড কাডৰ প্রদর্শন কৰে ৷ প্ৰথম অর্ধ দু্যোটা দলে গল শূন্য ভাৱে সমাপ্ত কৰে ৷ ৰেড কাৰ্ডৰ বাবে ১০জনৰ খেলুৱৈৰে খেলিব লগা হোৱা মুম্বাই দল ২য় অৰ্ধৰ প্ৰথম অৱস্থাৰ পৰাই চাপত থাকে ৷ খেলৰ ৪৭ মিনিটত নর্থ ইষ্ট দলে লাভ কৰে এটা পেনাল্টী ৷ উক্ত পেনাল্টীক কাৰ্যকৰী কৰি দলক জয়ৰ সোৱাদ দিয়ে ক্বেসি আপ্পিয়াহে ৷
Comments