গুৱাহাটী, ২১ নবেম্বৰ: কেন্দ্ৰীয় শ্ৰম আৰু কৰ্মসংস্থান মন্ত্ৰালয়ে সংশ্লিষ্ট সকলৰ তৰফৰ পৰা মতামত, পৰামৰ্শ আৰু আপত্তি সংক্ৰান্তীয় বিষয়ক প্ৰস্তাৱ আহ্বান কৰি ১৯ নৱেম্বৰত কৰ্মক্ষেত্ৰত সুৰক্ষা, স্বাস্থ্য আৰু কামৰ পৰিৱেশ সংক্ৰান্তীয় ২০২০ বিধিৰ অধীনত খচৰা নীতি প্ৰকাশ কৰিছে। এই খচৰা আইন সম্পৰ্কে মতামত, পৰামৰ্শ বা আপত্তি আদি সংশ্লিষ্ট খচৰা প্ৰকাশ পোৱাৰ দিনাৰ পৰা ৪৫ দিনৰ ভিতৰত প্ৰেৰণ কৰিব লাগিব।
২০২০-ৰ কৰ্মক্ষেত্ৰত সুৰক্ষা, স্বাস্থ্য আৰু কামৰ পৰিৱেশ সংক্ৰান্তীয় বিধিটো কাৰ্যকৰী কৰিবলৈ এই খচৰা আইন সম্পৰ্কে মতামত জানিবলৈ বিচৰা হৈছে। এই বিধিৰ অধীনত বন্দৰ কৰ্মী, ভৱন আৰু অন্যান্য নিৰ্মাণ কৰ্মী, খনি শ্ৰমিক, আন্তঃৰাজ্যিক প্ৰবাসী শ্ৰমিক, ঠিকা শ্ৰমিক, কৰ্মৰত সাংবাদিক, অডিঅ’-ভিজুৱেল ক্ষেত্ৰৰ কৰ্মী আৰু বিক্ৰয়ৰ কামত জড়়িত কৰ্মীসকলৰ কৰ্মক্ষেত্ৰত সুৰক্ষা, স্বাস্থ্য আৰু আদৰ্শ পৰিৱেশ বজাই ৰখাৰ কথা উল্লেখ কৰা হৈছে। এই খচৰা আইনত আৰু যিবোৰ বিষয়ৰ কথা উল্লেখ আছে, সেইবোৰ তলত দিয়া ধৰণৰ -
আইনখন কাৰ্যকৰী হোৱাৰ তিনি মাহৰ ভিতৰতে নিয়োগ-পত্ৰ প্ৰেৰণ কৰা হ’ব, য’ত সংশ্লিষ্ট কৰ্মীৰ পদ, দক্ষতাৰ ভিত্তিত বিভাজন, মজুৰি, উচ্চহাৰৰ মজুৰিৰ পন্থা বা পদোন্নতি সংক্ৰান্তীয় বিৱৰণ প্ৰত্যেকটো প্ৰতিষ্ঠানে সুস্পষ্ট ভাৱে উল্লেখ কৰিব লাগিব।
সংশ্লিষ্ট নিয়োগকৰ্তাসকলে তেওঁলোকৰ কৰ্মচাৰীসকলক বাৰ্ষিক ভিত্তিত স্বাস্থ্য পৰীক্ষাৰ ব্যৱস্থা কৰিব লাগিব। ইতিমধ্যেই যিসকল কৰ্মীৰ বয়স ৪৫ বছৰ পূৰ্ণ হৈছে, তেওঁলোকে এইক্ষেত্ৰত অগ্ৰাধিকাৰ পাব।
এই খচৰা আইনখনত ভ্ৰমণৰ ভাট্টা প্ৰদানৰ কথাও উল্লেখ কৰা হৈছে। তাৰ লগতে, আন্তঃৰাজ্যিক প্ৰবাসী শ্ৰমিকসকলৰ যাৱতীয় উদ্বেগ আৰু অভিযোগ সময়মতে সমাধান কৰাৰ ক্ষেত্ৰত হেল্পলাইন আৰম্ভ কৰাৰ কথাও কোৱা হৈছে।
এই খচৰা আইনখনত একক বৈদ্যুতিন ভিত্তিত ৰেজিষ্ট্ৰেশ্বন, লাইচেন্স আৰু বাৰ্ষিক ৰিটাৰ্ণ দাখিলৰ কথা প্ৰতিটো প্ৰতিষ্ঠানৰ বাবে উল্লেখ কৰা হৈছে।
ঠিকাদাৰসকলৰ বাবে - যিসকলে একাধিক ৰাজ্যলৈ ঠিকা শ্ৰমিক সৰবৰাহ বা কামত নিয়োগ কৰি থাকে, তেওঁলোকৰ সুবিধাৰ্থে সৰ্বভাৰতীয় স্তৰত একক লাইচেন্স প্ৰক্ৰিয়া আৰম্ভ কৰাৰ কথা উল্লেখ কৰা হৈছে।
এই খচৰা আইনখনত সংশ্লিষ্ট প্ৰতিষ্ঠানৰ মূল বা প্ৰধান কামকাজত ঠিকা শ্ৰমিকসকলক কামত লগোৱা হ’ব নে নহয়, সেয়া সুস্পষ্টভাৱে উল্লেখ কৰা হৈছে। আৰু কোৱা হৈছে যে ২০২০-ৰ কৰ্মক্ষেত্ৰত সুৰক্ষা, স্বাস্থ্য আৰু কামৰ পৰিৱেশ সংক্ৰান্তীয় বিধিত গৌণ বা অপ্ৰধান কাম-কাজবোৰৰ বিষয়ে বিস্তাৰিতভাৱে উল্লেখ আছে।
ঠিকা শ্ৰমিকসকলৰ মজুৰিৰ বিষয়ে এই খচৰা আইনত কোৱা হৈছে, সংশ্লিষ্ট ঠিকাদাৰসকলে তেওঁলোকৰ মজুৰি স্থিৰ কৰিলেও মজুৰি পৰিশোধ নকৰাৰ ক্ষেত্ৰত সময়সীমা এমাহতকৈও অধিক হ’ব নোৱাৰিব। আনকি, কোনো প্ৰতিষ্ঠানে ঠিকা শ্ৰমিক হিচাপে নিযুক্ত কোনো ব্যক্তিক শেষ মজুৰি প্ৰদানৰ দিনৰ পৰা পৰৱৰ্তী সাত মাহ পূৰ্ণ হোৱাৰ পূৰ্বেই বকেয়া মজুৰি পৰিশোধ কৰি দিব লাগিব। এই মজুৰি বেংক অথবা ইলেক্ট্ৰনিক পদ্ধতিত পৰিশোধ কৰিব পৰা যাব।
৫০০ বা তাতকৈ অধিক কৰ্মী থকা প্ৰতিষ্ঠানত কৰ্মীসকলৰ সুৰক্ষাৰ বাবে সুৰক্ষা কমিটি গঠন কৰিব লাগিব, যাতে প্ৰত্যেক কৰ্মীৰ বাবেই কৰ্মস্থলীত সুৰক্ষাৰ বিষয়টো সুনিশ্চিত কৰিব পৰা যায়।
এই খচৰা আইনত মহিলা কৰ্মীসকলৰ স্বাৰ্থ সুৰক্ষাৰ বাবে সুনিৰ্দিষ্ট ব্যৱস্থা গ্ৰহণ কৰা হৈছে য’ত কোৱা হৈছে যে পুৱা ৬ বজাৰ পূৰ্বে আৰু সন্ধিয়া ৭ বজাৰ পিছত কৰ্মস্থলীত কামত নিয়োজিত ৰখাৰ ক্ষেত্ৰত সংশ্লিষ্ট মহিলা কৰ্মচাৰীৰ অনুমতি গ্ৰহণ কৰিব লাগিব।
যিকোনো এটা দিনত অভাৰটাইমৰ হিচাপৰ ক্ষেত্ৰত এক ঘন্টাৰ ভগ্নাংশ ১৫-৩০ মিনিটৰ ভিতৰত বিবেচনা কৰা হ’ব, অৰ্থাত সেই অভাৰটাইমৰ সীমা ৩০ মিনিটৰ পৰা কাৰ্যকৰী হ’ব। বৰ্তমান ৩০ মিনিতকৈ কম সময়ত কোনো অভাৰটাইম নাই।
খনি সংক্ৰান্তীয় আইনখন আৰু শিথিল কৰা হৈছে। এইক্ষেত্ৰত খনি শ্ৰমিকসকলৰ কৰ্মক্ষেত্ৰত সুৰক্ষা, স্বাস্থ্য আৰু কামৰ অনুকূল পৰিৱেশৰ বিষয়টোকো অন্তৰ্ভুক্ত কৰা হৈছে।
খচৰা আইনত এই সকলোবোৰ বিষয় অন্তৰ্ভুক্ত কৰাৰ ফলত যিকোনো প্ৰতিষ্ঠানতে প্ৰত্যেক কৰ্মীৰ সুৰক্ষা, স্বাস্থ্য আৰু কৰ্মস্থলীত অনুকূল পৰিৱেশৰে সুবিধা বৃদ্ধি পাব বুলি ধাৰণা কৰা হৈছে। আনকি, ইলেক্ট্ৰনিক পদ্ধতিত কৰ্মীসকলৰ উপস্থিতি সংক্ৰান্তীয় ৰেজিষ্টাৰ ৰক্ষণাবেক্ষণ, সেইবোৰৰ ৰেকৰ্ড বা নথিভুক্ত কৰা তথা সংশ্লিষ্ট প্ৰতিষ্ঠানৰ সংশোধিত ৰিটাৰ্ণ দাখিলৰ ক্ষেত্ৰতো এই খচৰা আইন কাৰ্যকৰী হ’লে শ্ৰমিক আৰু নিয়োগকাৰী - উভয় পক্ষই সমানে লাভৱান হ’ব।
Comments