Classifieds
View All
গুৱাহাটী, ২৩ নবেম্বৰ: কেৰেলাৰ মুখ্যমন্ত্ৰী পিনাৰাই বিজয়নে বিতৰ্কিত কেৰেলা আৰক্ষী সংশোধনী বিধেয়কে তীব্ৰ বিতৰ্কৰ সৃষ্টি কৰাৰ পিছত স্থগিত ৰখাৰ কথা ঘোষণা কৰে ৷ মুখ্যমন্ত্ৰীয়ে কয় যে ভিন্ন প্ৰান্তৰ পৰা অহা মত, দৃষ্টিভংগীৰ পিছত আমি সিদ্ধান্ত গ্ৰহণ কৰিলোঁ যে এই বিধেয়কক আগবঢ়াই নিয়াটো বৰ্তমান সময়ত উচিত নহয় ৷ এই বিধেয়ক সম্পৰ্কে বিধানসভাত আৰু অধিক আলোচনা কৰা হ’ব আৰু সকলো দলৰে মতামত লোৱা হ’ব ৷
কেৰেলা আৰক্ষী আইনৰ সংশোধনী বিধেয়কত মহিলা আৰু ট্ৰেন্সজেণ্ডাৰৰ প্ৰতি হোৱা চাইবাৰ আক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি সামাজিক মাধ্যমত হাৰাশাস্তি কৰা লোকৰ বিৰুদ্ধে তিনি বছৰৰ জেল আৰু ১০ হাজাৰ টকাৰ জৰিমনা বিহাৰ কথা উক্ত সংশোধনী বিধেয়কত আছিল
Comments