গুৱাহাটী, ২৩ নবেম্বৰ : দেশৰ স্বাস্থ্য মন্ত্ৰী হৰ্ষ বর্ধনে সোমবাৰে কয় যে ২০২১ চনৰ ছেপ্তেম্বৰ মাহলৈ দেশৰ ২৫ৰ পৰা ৩০ কোটি জনসাধাৰণে লাভ কৰিব ক’ভিড ভেকচিন ৷ দেশৰ ৰাষ্ট্ৰীয় সংবাদ মাধ্যম ইণ্ডিয়া টুদেৰ সৈতে হোৱা এক সাক্ষাৎকাৰত কয় যে ২০২১চনৰ প্ৰথম তিনিটা মাহৰ ভিতৰত ভাৰতে প্ৰথমটো ক’ভিড ১৯ৰ ভেকচিন লাভ কৰিব ৷ বর্তমান সময়ত বিশ্বত মুঠ ২৫০টা ক’ভিড ভেকচিন প্ৰস্তুত হৈ আছে আৰু ইয়াৰে ৫টা ভেকচিন বর্তমান ক্লিনিকেল পর্যায়ৰ পৰীক্ষা ভাৰতত হৈ আছে আছে ৷ ভেকচিনৰ কাৰ্যকাৰিতা কিমান আৰু ই কিমান সুৰক্ষিত এইক্ষেত্ৰত চৰকাৰে গুৰুত্ব প্ৰদান কৰি আহিছে ৷
ভেকচিন কোনে প্ৰথমে লাভ কৰিব বুলি কৰা প্ৰশ্নৰ উত্তৰত কয় যে স্বাস্থ্য কর্মী সকলৰ তালিকা প্ৰস্তুত কৰি থকা হৈছে যাতে তেওঁলোকক প্ৰথমে ইয়াৰ সুবিধা প্ৰদান কৰিব পাৰি ৷ তদুপৰি আৰক্ষী, চেনিটাইজেচন কর্মী আৰু ৬৫বছৰৰ উৰ্ধৰ ব্যক্তিক এই ভেকচিন প্ৰথমে প্ৰদান কৰাত গুৰুত্ব প্ৰদান কৰা হ’ব ৷ দ্বিতীয় পৰ্যায়ত ৫০ বছৰৰ উৰ্ধৰ ব্যক্তি আৰু ৰোগী সকলে এই ভেকচিন লাভ কৰাৰ ক্ষেত্ৰত প্ৰাথমিকতা লাভ কৰিব বুলি কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰী হর্ষ বর্ধনে উল্লেখ কৰে ৷
Comments