গুৱাহাটী, ২৪ নবেম্বৰ: বম্বে উচ্চ ন্যায়ালয়ে মঙলবাৰে অভিনেত্ৰী কংগনা ৰানাৱট আৰু ৰৎগৌলী ৰানাৱটলৈ গ্ৰেপ্তাৰৰ পৰা অন্তবর্তীকালীন সকাহ প্ৰদান কৰে ৷ উল্লেখ্য যে কংগনা ৰানাৱটৰ বিৰুদ্ধে ৰাষ্ট্ৰদোহৰ লগতে অন্য বিভিন্ন ধাৰাত গোচৰ ৰুজু হৈছিল ৷
উল্লেখ্য যে মুম্বাইৰ বান্দ্ৰাৰ ন্যায়ালয়ে অভিনেত্ৰী গৰাকীয়ে সামাজিক মাধ্যমত দিয়া পোষ্টৰ জৰিয়তে ঘৃণা আৰু সাম্প্ৰদায়িক সংঘৰ্ষ বিয়পোৱাৰ এটা অভিযোগত আৰক্ষীক অভিনেত্ৰী আৰু অভিনেত্ৰী গৰাকীৰ ভগ্নীৰ বিৰুদ্ধে গোচৰ ৰুজু কৰি তদন্ত কৰিবলৈ নিৰ্দেশ দিছিল ৷
ন্যায়iলয়ে কয় যে আৰক্ষীয়ে তিনিখনকৈ চমন জাৰি কৰিছিল আৰু ইয়াক সন্মান কৰাটো উচিত ৷ ৰানাৱটৰ অধিবক্তাই ইয়াৰ পিছত ন্যায়ালয়ক কথা দিয়ে যে মুম্বাইৰ বান্দ্ৰা আৰক্ষী থানাত অহা ৮ জানুৱাৰীত দুপৰীয়া ১২ বজাৰ পৰা ৰাতি ২ বজালৈ তেওঁলোক জবানবন্দী দিয়াৰ বাবে উপস্থিত থাকিব ৷
ইয়াৰে পিছত ন্যায়ালয়ে আৰক্ষীক অভিযুক্ত দুয়োগৰাকীৰ বিৰুদ্ধে গ্ৰেপ্তাৰকে ধৰি কোনোধৰণৰ পদক্ষেপ লোৱাত বাধা আৰোপ কৰি নিৰ্দেশ প্ৰদান কৰে ৷ ন্যায়ালয়ে আৰক্ষীক ৰাষ্ট্ৰদোহৰ গোচৰ সম্পর্কতো প্ৰশ্ন কৰে ৷ ন্যায়লয়ে কয় – “দেশৰ নাগৰিকৰ লগত কিয় এনে ব্যৱহাৰ কৰা হৈছে ?” ন্যায়ালয়ত এই গোচৰৰ পৰৱৰ্তী শুনানি হ’ব অহা ১১ জানুৱাৰীত ৷
Comments