Classifieds
View All
গুৱাহাটী, ২৪ নবেম্বৰ: ৰাছিয়াই প্ৰস্তুত কৰি থকা ক’ভিড ১৯ প্ৰতিৰোধী ভেকচিন স্পুট’নিক ভি ভেকচিনৰ মূল্য আন্তৰাষ্ট্ৰীয় বজাৰত প্ৰতিটো মাত্ৰাৰ ১০ ডলাৰ মূল্যতকৈও কম হ’ব বুলি জানিব পৰা গৈছে ৷ যদি এনে হয় তেন্তে ভাৰতীয় বজাৰত বৰ্তমান সময়ত প্ৰায় ৭০০ৰ পৰা ৮০০টকাৰ ভিতৰত হ’ব ৷ উল্লেখ্য যে স্পুটনিক ভিৰ দুটা মাত্ৰা প্ৰয়োজন ৷
জানিব পৰা অনুসৰি স্পুট’নিক ভিৰ প্ৰথম পৰ্যায়ৰ বিতৰণ অহা বছৰৰ জানুৱাৰী মাহত কৰা হ’ব ৷ এই ভেকচিনৰ প্ৰস্তুতি অন্য দেশৰ লগতে ভাৰততো চলি আছে ৷ ২০২১ চনত প্ৰায় ৫০০ মিলিয়ন ব্যক্তিক এই ভেকচিন প্ৰদান কৰা হ’ব বুলি পৰিকল্পনা কৰিছে ৰাছিয়াই ৷ শেহতীয়াকৈ প্ৰকাশ পোৱা আভ্যন্তৰীণ তথ্য অনুসৰি এই ভেকচিনৰ কাৰ্যকাৰিতাৰ হাৰ ৯১.৪% ৷
Comments