প্ৰণৱজ্যোতি দত্ত,২৪নবেম্বৰ:অম্লান হাঁহিটি মুখত লৈ চিৰদিনৰ বাবে হেৰাই গ’ল অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ।১৫ টা বছৰ ধৰি ৩টা কাৰ্যকাল অসমৰ মুখ্যমন্ত্ৰী হৈ ৰাইজক সেৱা আগবঢ়োৱা তিতাবৰ সমষ্টিৰ বিধায়ক তথা ৰাজ্যৰ বৰ্ষিয়ান ৰাজনীতিবিদ গৰাকীৰ সোমবাৰে দেহাৱসান ঘটে।তৰুণ গগৈৰ বিয়োগৰ পাছত শোক ব্যক্ত কৰিলে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।
ছচিয়েল মিডিয়াযোগে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই তৰুণ গগৈৰ সন্দৰ্ভত লিখিছে যে,"এনে এজন ব্যক্তিৰ সৈতে এসময়ত কাম কৰাৰ সুযোগ পাই মই নিজকে সৌভাগ্যৱান বুলি অনুভৱ কৰোঁ৷তেওঁৰ অবৰ্তমানে অসমৰ ৰাজনীতিত এনে এক গভীৰ শূণ্যতাৰ সৃষ্টি কৰিলে যি স্থান পূৰণ কৰাটো ইমান সহজ নহ’ব৷এগৰাকী অনন্য ভৱিষ্যদৰ্শী তথা প্ৰবল ইচ্ছাশক্তিৰ অধিকাৰী শ্ৰীযুত তৰুণ গগৈ স্বৰূপাৰ্থতেই আছিল জনতাৰ আপোন নেতা৷
কৰ্মতেই অগ্ৰাধিকাৰ প্ৰদান কৰি দূৰন্ত গতিত আগুৱাই যোৱাত বিশ্বাসী গগৈ ডাঙৰীয়াই সকলো শ্ৰেণীৰ লোকৰ পৰা সমৰ্থন লাভ কৰিছিল৷গগৈদেৱে অসমক এক অন্ধকাৰ যুগৰ পৰা উলিয়াই আনি ১৫ বছৰীয়া নেতৃত্বকালত ৰাজ্যখনত উন্নয়নৰ এক নতুন অধ্যায়ৰ সূচনা কৰিছিল৷শ্ৰীযুত তৰুণ গগৈৰ বিয়োগ এক অপূৰণীয় ক্ষতি৷ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছো।তেওঁৰ বিদেহী আত্মাই চিৰশান্তি লাভ কৰক৷
Comments