Classifieds
View All
প্ৰণৱজ্যোতি দত্ত,২৫নবেম্বৰ:বাহুবলী’ত ভল্লালদেৱৰ চৰিত্ৰত দুৰ্দান্ত অভিনয় কৰা ৰাণা দাগ্গুবতীৰ অনুৰাগীসকলৰ বাবে এটা দুঃসংবাদ। গুৰুতৰ ৰোগৰ আক্ৰান্ত হৈ মৃত্যুৰ সৈতে যুঁজিছে অভিনেতাগৰাকীয়ে।উচ্চ ৰক্তচাপ, হৃদৰোগ, কিডনী বিকল হোৱাৰ দৰে নানা গুৰুতৰ সমস্যাই এতিয়া তেওঁক আগুৰি ধৰিছে৷
এটা টেলিভিচন শ্ব’ত নিজেই এই অসুস্থতাৰ বিষয়ে স্বীকাৰ কৰিলে অভিনেতা ৰাণা দাগ্গুবটিয়ে।ৰাণাই জনালে যে, তেওঁৰ মৃত্যু ৩০% নিশ্চিত।পূৰ্বতে অভিনেতাজনৰ কিডনী বিকল হোৱাৰ খবৰ ওলাইছিল যদিও সেয়া উৰা বাতৰি আখ্যা দিছিল ৰাণাই।
সেই ভল্লালদেৱৰ হাড় শুকাই চেহেৰা দেখি উদ্বিগ্ন হৈছিল অনুৰাগীসকল।উল্লেখযোগ্য যে, অভিনেত্রী তথা ৰাণাৰ বান্ধৱী সামান্থা আকিনেনীৰ জনপ্ৰিয় চেট শ্ব’ ‘শ্যেম জ্যেম’-ত আহি নিজৰ অসুস্থতাৰ কথা স্বীকাৰ কৰিলে ৰাণাই।
Comments