গুৱাহাটী, ২৫ নবেম্বৰ: ফিল্ম ফেডাৰেচন অফ ইণ্ডিয়াই ২০২১চনৰ অস্কাৰৰ বিদেশী ভাষাৰ শ্ৰেষ্ঠ চলচিত্ৰ শিতানত ভাৰতক প্ৰতিনিধিত্ব কৰাৰ বাবে লিজো জোছে পেলিসেৰি পৰিচালিত মালয়ালম চিনেমা জাল্লিকট্টু নির্বাচিত কৰিছে ৷ চিত্ৰ নিৰ্মাতা ৰাহুল ৰাৱালিৰ অধ্যক্ষতাত থকা বিচাৰকৰ কমিটিয়ে মুঠ ২৬খন চিনেমাৰ মাজৰ পৰা জাল্লিকট্টুক নির্বাচিত কৰে ৷
জাল্লিকট্টু নিৰ্বাচন সন্দর্ভত চলচ্চিত্ৰ নিৰ্মাতা ৰাৱালিয়ে কয় যে ১৪জনীয়া বিচাৰকৰ দলৰ পৰা সংখ্যাগৰিষ্ঠৰ সন্মতিমর্মে এই চলচিত্ৰ খনক নিৰ্বাচিত কৰা হয় ৷ এই চলচ্চিত্ৰখন মানুহৰ প্ৰবৃত্তি যে জীৱ জন্তুতকৈও নিকৃষ্ট তাকে দেখুৱা হৈছে ৷ অনন্য চৰিত্ৰ আৰু চিত্ৰখন নিৰ্মাণ কৰাৰ বাবে বাচনি কৰা স্থান, মানুহকে ধৰি প্ৰযুক্তিৰ সহায়ৰ জৰিয়তে এইখন সৰ্বশ্ৰেষ্ঠ চিনেমা ৰূপে আমি নিবাৰিত কৰিলোঁ ৷
উল্লেখ্য যে ক’ভিড ১৯ৰ বাবে এইবাৰ বাচনি প্ৰক্ৰিয়া ভাৰচুৱেল ভাৱে সমাপন কৰা হৈছে ৷ অনলাইনত ৰাহুল ৰাৱালিকে ধৰি বিচাৰক সকলে ৪ৰ পৰা ৫খন চিনেমা এদিনতে চাইছিল ৷ যিহেতু ৭ট মাহ ধৰি কোনো চলচিত্ৰ চিনেমা হ’লত মুক্তি পোৱা নাই তেনে এক পৰিপ্ৰেক্ষিতত ওটিটি প্লেটফৰ্মত মুক্তি লাভ কৰা চলচিত্ৰ সমূহকো বিবেচনা কৰা হৈছিল ৷
জানিব পৰা অনুসৰি এইবাৰ অস্কাৰ বঁটাৰ অনুষ্ঠান ২৫ এপ্ৰিলত অনুষ্ঠিত হ’ব ৷
Comments