গুৱাহাটী, ২৫ নবেম্বৰ: প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত দেশৰ ইউনিয়ন কেবিনেটে বুধবাৰে লক্ষ্মী বিলাস বেংক লিমিটেডৰ সৈতে ছিংগাপুৰৰ ডিবিএছ বেংকৰ একত্ৰীকৰণত মঞ্জুৰি দিয়ে ৷ ইয়াৰ পিছত বর্তমান সময়ৰ পৰা লক্ষ্মী বেংকৰ সৈতে থকা জমা ধনৰাশি উলিয়াই অনাত আৰোপ কৰা হোৱা সর্বাধিক ২৫,০০০ টকাৰ সর্বাধিক সীমা নাথাকিব ৷
ডিবিএছ বেংক ভাৰতবৰ্ষত ১৯৯৪ চনৰে পৰা আছে আৰু ২০১৯চনৰ মাৰ্চ মাহত ভাৰতবৰ্ষত ব্যৱসায় বিস্তাৰিত কৰাৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰে ৷ বৰ্তমান সময়ত দেশৰ ১৩খন ৰাজ্যৰ ২৪খন চহৰত এই বেংকৰ অৱস্থিতি আছে ৷ আনহাতে লক্ষ্মী বিলাস বেংকৰ ভাৰতৰ ৯৪ বছৰৰ এক ইতিহাস আছে ৷ এই বেংকৰ ভেটি দক্ষিণ ভাৰতত বিশেষ ভাৱে শক্তিশালী ৷ যোৱা ১৭ নবেম্বৰত এই বেংকক ১৬ ডিচেম্বৰলৈ বেংকিং ৰেগুলেচন আইন, ১৯৪৯ৰ ৪৫নং ধাৰা অনুসৰি মৰেটৰিয়ামত ৰখা হয় অৰ্থাত বেংকৰ পৰা ১৬ ডিচেম্বৰলৈ সর্বাধিক ২৫,০০০ টকাৰ ওপৰত টকা উলিওৱা কার্য্য নিষিদ্ধ কৰা হয় ৷
এই বিষয়ত কেন্দ্ৰীয় মন্ত্ৰী প্ৰকাশ জাভেদকাৰে কয় =- “চৰকাৰে ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়াক বেংকৰ এই দুৰৱস্থাৰ বাবে দায়ী বিষয়াসকলৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰাৰ বাবে নিৰ্দেশ দিছে ৷
Comments