নতুন দিল্লী, ২৫ নৱেম্বৰ ঃ লিজো জ’ছ পেল্লিছেৰিয়ে পৰিচালনা কৰা মালয়ালম কাহিনী চিত্র ‘জাল্লিকাট্টু’ক ৯৩ সংখ্যক অকাদেমি এৱার্ডছ, চমুকৈ অস্কাৰ বঁটাৰ আন্তঃৰাষ্ট্রীয় কাহিনী চিত্র শাখাৰ বাবে ভাৰতৰ অফিচিয়েল এণ্ট্রি হিচাপে বাছনি কৰা হৈছে৷ আজি ফিল্ম ফেডাৰেশ্যন অব৲ ইণ্ডিয়াই (এফ এফ আই) এই কথা ঘোষণা কৰে৷ হিন্দী, ওড়িয়া, মাৰাঠী আৰু আন ভাষাৰ ২৭খন চলচিচত্রৰ মাজৰ পৰা ‘জাল্লিকাট্টু’ক বাছনি কৰা হয়৷
এখন দুর্গম পার্বত্য গাঁৱৰ এটা কচাইখানাৰ পৰা পলোৱা আৰু উন্মাদ হৈ পৰা ষাঁড় এটাক বশ কৰিবলৈ গাঁওখনৰ সকলো পুৰুষ গোট খোৱাৰ এটা কাহিনী চিনেমাখনত বর্ণনা কৰা হৈছে৷ হৰীশে লিখা ‘মাৱিষ্ট’ (মাওবাদী) নামৰ চুটি গল্প এটাৰ ভিত্তিত চিনেমাখন নির্মাণ কৰা হৈছে আৰু অভিনয় কৰিছে এণ্টনি ভার্গিজ, চেম্বান বিনোদ জ’ছ, ছাবুমন আবুছামাদ আৰু শান্তি বালচন্দ্রনে৷ এফ এফ আইৰ বিচাৰক মণ্ডলীৰ অধ্যক্ষ ৰাহুল ৰাৱেইলে (চলচিচত্র নির্মাতা) এখন অনলাইন সংবাদমেলত এই কথা কয়৷
Comments