Cartoon
View Older
প্ৰণৱজ্যোতি দত্ত,২৬নবেম্বৰ:হাতত তামোল-পানৰ বঁটা লৈ সেৱা আগবঢ়াই স্বামীক অন্তিম বিদায় দিলে পত্নী ডলী গগৈয়ে।পৰিয়ালৰ লোক সকলেও তৰুণ গগৈক শেষবাৰৰ বাবে বিদায় জনালে।চৰকাৰী আৱাসগৃহত সৃষ্টি হৈছে এক শোকাকুল পৰিবেশ।
ইয়াৰ পাছতেই তৰুণ গগৈৰ নশ্বৰ দেহ চৰকাৰী আৱাসৰ পৰা বিশাল সমদলৰে তেওঁৰ নশ্বৰ দেহ ছয়মাইলস্থিত এটা গীৰ্জালৈ লৈ যোৱা হৈছে।গীৰ্জাঘৰত প্ৰাৰ্থনাৰ পাছতেই তেওঁৰ নশ্বৰ দেহ জু-ৰোডৰ কোনো এটা নামঘৰলৈ নিয়া হ’ব।
তাৰ পাছত আমবাৰীৰ বুঢ়া মছজিদলৈ প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীৰ নশ্বৰ দেহ লৈ যোৱা হ’ব।তাৰ পাছত শুক্লেশ্বৰ আৰু উগ্ৰতাৰা দেৱালয়লৈ নি তাত সেৱা কৰাৰ ব্যৱস্থা কৰা হৈছে।
Comments