প্ৰণৱজ্যোতি দত্ত,২৬নবেম্বৰ:অৱশেষত পঞ্চভুতত বিলীন হ’ল প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ নশ্বৰ দেহ৷প্ৰথমে টাই আহোমৰ পৰম্পৰাগত ৰীতি আৰু পাছত হিন্দু নিয়ম অনুসৰি অন্তিম সৎকাৰ কৰা হয়।পুত্ৰ গৌৰৱ গগৈয়ে পিতৃৰ নশ্বৰ দেহত মুখাগ্নি কৰে।অন্তিম মূহুৰ্তত নৱগ্ৰহত উপস্থিত থাকে পত্নী ডলী গগৈ,বহু আত্মীয় স্বজন আৰু শুভাকাংশী।
কান্দোনত ভাগি পৰিল পৰিয়ালৰ লোকসকলকৰ লগতে গুণমুগ্ধসকল।জুইৰ চিতাৰ মাজত হেৰাই গ'ল সকলোৰে মৰমৰ আৰু ভালপোৱা নেতা গৰাকী।চিৰদিনৰ বাবে হেৰাই গ'ল হাঁহিমুখীয়া আৰু মৰমীয়াল হৃদয়ৰ মানুহজন।অশ্ৰুসিক্ত নয়নেৰে অজস্ৰজনে তেওঁক জনালে অন্তিম বিদায়।
তিনিবাৰকৈ অসমৰ মুখ্যমন্ত্ৰীৰ আসনত থকাৰ পাছতো জীৱনৰ অন্তিম মূহুৰ্তত এজন অতি সাধাৰণ লোকৰ দৰেই নৱগ্ৰহত জ্বলি উঠিল তেওঁৰ চিতাৰ জুই।কিন্তু জুইৰ মাজত তেওঁৰ দেহটোহে চিৰদিনৰ বাবে হেৰাই গ'ল।তেওঁৰ আদৰ্শ,মৰম,চিন্তা আৰু কৰ্মৰাজি সদায়েই অসমৰ সমাজ জীৱন তথা অসমবাসীৰ হৃদয়ত জীপাল হৈ থাকিব।

Comments