মঙলদৈ ,২৭ নবেম্বৰঃ অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ দৰং জিলা সমিতিয়ে ৰাজ্যৰ কৃষকৰ উৎপাদিত কৃষিজাত প্ৰতিবিধ সামগ্ৰীৰ ন্যুনতম সামৰ্থ্য বজাৰ মূল্য নিশ্চিত কৰিবলৈ অসম চৰকাৰক দাবী জনাইছে। জিলা উপায়ুক্তৰ জৰিয়তে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৈ শুকুৰবাৰে প্ৰেৰণ কৰা এখন স্মাৰক পত্ৰত ৰাজ্যৰ কৃষক সকলৰ নিজৰ উৎপাদিত কৃষিজাত সামগ্ৰীৰ বজাৰৰ ওপৰত নিয়ন্ত্ৰণ একেবাৰে নোহোৱা হোৱাৰ বিপৰীতে বহিৰাগত এচাম মুনাফালোভী মধ্যভোগীৰ দখললৈ বজাৰ খন যোৱাৰ ফলত ৰাজ্যৰ কৃষক সকল তেওঁলোকৰ উৎপাদিত সামগ্ৰীৰ উপযুক্ত মূল্যৰ পৰা বঞ্চিত হৈ লোকচানৰ সন্মুখীন হৈছে । যুৱ সংগঠনটোৰ জিলা সভাপতি দিগন্ত ডেকা আৰু সাধাৰণ সম্পাদক পংকজ ডেকাই স্বাক্ষৰ কৰা স্মাৰক পত্ৰ খনত ন্যুনতম সামৰ্থ্য বজাৰ মূল্য লাভ কৰিব নোৱাৰা কৃষকৰ উৎপাদিত সামগ্ৰী সমূহ চৰকাৰক ক্ৰয় কৰিবলৈ দাবী জনোৱা হয়।
Comments