গুৱাহাটী, ২৮ নবেম্বৰ: চৰকাৰী তথ্য অনুসৰি ভাৰতবৰ্ষৰ অৰ্থনীতি দ্বিতীয়টো ত্ৰিমাসিকত জুলাই মাহৰ পৰা ছেপ্তেম্বৰ মাহলৈ ৭.৫% সংকুচিত হৈছে ৷ প্ৰথমটো ত্ৰিমাসিক(এপ্ৰিল জুন)তকৈ বৰ্তমানৰ অৱস্থা সামান্য উন্নত যদিও এই সংকোচনৰ বাবে প্ৰথমবাৰৰ বাবে ভাৰতীয় অৰ্থনীতিয়ে কাৰিকৰী মন্দাৱস্থাত প্ৰৱেশ কৰিলে ৷ ভাৰতৰ পৰিসংখ্যা আৰু কাৰ্যসূচী মন্ত্ৰালয়ে শেহতীয়াকৈ জাৰি কৰা তথ্য অনুসৰি গ্ৰচ ভেলিউ এডেড (জিভিএ) ঋণাত্মক ৭% আৰু অৰ্থনীতি এপ্ৰিলৰ পৰা জুনলৈ ২৩.৯% সংকুচিত হৈছে যাৰ বাবে ৪০ বছৰৰো অধিক সময়ৰ পিছত ক’ভিড ১৯ৰ বাবে সংকোচন হ;ব লগা হৈছে ৷ ২০১৯-২০ বিত্তীয় বৰ্ষৰ চনৰ দ্বিতীয় ত্ৰিমাসিকত ৩৫.৮৪ লাখ কোটি টকাৰ সলনি ২০২০-২১ বৰ্ষৰ দ্বিতীয় ত্ৰিমাসিকত ইয়াৰ পৰিমাণ ৩৩.১৪ লাখ কোটি, যি ২০১৮-২০ বিত্তীয় বৰ্ষৰ দ্বিতীয় ত্ৰিমাসিকত ৪.৪% বৃদ্ধিৰ পৰিৱৰ্তে ৭.৫% সংকোচন ৷
জিভিএ ২০১৯-২০ বিত্তীয় বৰ্ষৰ দ্বিতীয় ত্ৰিমাসিকৰ ৩২.৭৮লাখ কোটিৰ তুলনাত ২০২০-২১ বৰ্ষত ইয়াৰ পৰিমাণ ৩০.৪৯লাখ কোটি টকা ৷ তথ্য অনুসৰি এই বিশেষ সময়ত হোটেল পৰিবহণ আৰু যোগাযোগত ঋণাত্মক ১৫.৬%, সাৰ্বজনিক প্ৰশাসন, প্ৰতিৰক্ষা আৰু অন্যত ঋণাত্মক ১২.২%, ৰিয়েল ইষ্টেট আৰু অন্য বৃত্তিধাৰী খণ্ডত ৮.১% আৰু নিৰ্মাণ খণ্ডত ৮.৬% সংকোচন হয় ৷
উল্লেখ্য যে কিছু খণ্ড যেনে বিদ্যুৎ, গেছ, পানী যোগান আদি খণ্ডত ৪.৪%ৰ যোগাত্মক, কৃষিখণ্ড, বনজ আৰু মাছ ধৰা খণ্ডত যোগাত্মক ৩.৪% আৰু উৎপাদন খণ্ডত ০.৬% বৃদ্ধি হৈছে ৷
মন কৰিব লগা বিষয় এইটো যে ভাৰতবৰ্ষৰ অৰ্থনীতি ক’ভিড ১৯মহামাৰীৰ আগতে যোৱাটো বিত্তীয় বৰ্ষত ৪.২% হাৰত বৃদ্ধি হৈছিল, যিটো যোৱা ১১ বছৰ ভিতৰতে আছিল সকলোতকৈ লেহেমীয়া ৷
Comments