Classifieds
View All
প্ৰণৱজ্যোতি দত্ত,২৮নবেম্বৰ:শুকুৰবাৰৰ দিনটোত অসমত কৰ’না ভাইৰাছৰ সংক্ৰমণৰ ফলত নতুনকৈ দুগৰাকী ব্যক্তিৰ মৃত্যু হৈছে।অসমত বৰ্তমানলৈ কৰ’না ভাইৰাছৰ সংক্ৰমণৰ ফলত প্ৰাণ হেৰুওৱা লোকৰ সংখ্যা ৯৮০ গৰাকীলৈ বৃদ্ধি।কৰ’নাৰ সংক্ৰমণৰ ফলত মৃত্যু হোৱা ব্যক্তি দুগৰাকী হৈছে ক্ৰমে- ডিব্ৰুগড়ৰ কাশী শৰ্মা(৭৫) আৰু গোৱালপাৰাৰ বিনয় ভূষণ নাথ(৮১)।
স্বাস্থ্য মন্ত্ৰী শৰ্মাই কোভিডৰ সংক্ৰমণৰ ফলত মৃত্যু হোৱা ব্যক্তি দুগৰাকীৰ পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰে।অসমত কৰ’নাত আক্ৰান্ত লোকৰ সংখ্যা হলগৈ ২লাখ ১২হাজাৰ ৩২গৰাকী।ইয়াৰে ৯৮০গৰাকী লোকৰ মৃত্যু হৈছে।
উল্লেখযোগ্য যে,ৰাজ্যত সক্ৰিয় কভিড ৰোগীৰ সংখ্যা ক্ৰমাৎ কমিছে যদিও ভবিষ্যতে শীত আৰু প্ৰদূষণৰ বাবে এই সংখ্যা পুনৰ বৃদ্ধি হ’ব পাৰে বুলি কেন্দ্ৰীয় চৰকাৰে ৰাজ্য সমূহক সতৰ্ক কৰি দিছে।
Comments