প্ৰণৱজ্যোতি দত্ত,২৮নবেম্বৰ:অসমৰ ভূতপূৰ্ব মুখ্যমন্ত্ৰী স্বৰ্গীয় তৰুণ গগৈৰ পদচিহ্ন যুগমীয়া কৰি ৰাখিলে শিল্পী দিগন্ত মাধৱ গোস্বামীয়ে।শিল্পী দিগন্ত মাধৱৰ তত্বাবধানৰ এটি শিল্প চৰ্চাৰ অনুষ্ঠান পূৰ্ণশিল্পমৰ লগতে E news NE ৰ প্ৰচেষ্টাত এই পদচিহ্ন ধৰি ৰাখিবলৈ উদ্যোগ লোৱা হৈছিল।এই অগতানুগতিক শিল্প শৈলীৰ মাধ্যমেৰে শিল্পী দিগন্ত মাধৱৰ দ্বাৰা মৃতদেহৰ ভৰিৰ পতাত এক সুকীয়া শিল্প সামগ্ৰীৰ প্ৰলেপ দিয়া হৈছিল।
যাৰ ফলত তৈয়াৰ হৈছিল তৰুণ গগৈদেৱৰ ভৰিদুখনৰ এটি সাঁচ।প্ৰায় ডেৰ ঘণ্টা জুৰি চলা এই সাঁচ গ্ৰহণৰ প্ৰক্ৰিয়াৰ পিছত শিল্পী দলটি ৰাওনা হৈছিল পূৰ্ণশিল্পমৰ শিল্পালয়লৈ বুলি। তাতেই নিৰবিচ্ছিন্ন ভাৱে গোটেই দিনটোৰ পৰিশ্ৰমৰ পিছত শিল্পীৰ হাতত প্ৰাণ পাই উঠিছিল তৰুণ গগৈৰ অবিকল ভৰি দুখন।উল্লেখযোগ্য যে পূৰ্ণশিল্পম নামৰ অনুষ্ঠানটিৰ প্ৰচেষ্টাত ইতিপূৰ্বে এনে বহু বৰেণ্য ব্যক্তিৰ হাত তথা ভৰিৰ চিহ্ণ গ্ৰহণ কৰি সংৰক্ষণ কৰি আহিছে।
ইয়াৰ ভিতৰত জুবিন গাৰ্গ, মাজুলীৰ শ্ৰী শ্ৰী নতুন কমলাবাৰী সত্ৰৰ সত্ৰাধিকাৰ স্বৰ্গীয় নাৰায়ণ চন্দ্ৰ দেৱ গোস্বামী, শ্ৰী শ্ৰী চামগুৰি সত্ৰৰ সত্ৰাধিকাৰ স্বৰ্গীয় কোষকান্ত দেৱগোস্বামী অন্যতম।অনাগত সময়চোৱাত পূৰ্ণশিল্পমৰ শিল্পী দলটিয়ে অসমৰ প্ৰতিজন বৰেণ্য ব্যক্তিৰ হাত তথা ভৰিৰ চিহ্ন যুগমীয়া কৰিবলৈ পৰিকল্পনা হাতত লৈছে বুলি শিল্পী দিগন্ত মাধৱে জানিবলৈ দিছে।তেওঁ কয় যে মানুহৰ জীৱনৰ সফলতা নাইবা বিফলতাসমূহ অতিক্ৰম কৰা প্ৰতিটো খোজৰেই সাক্ষী হৈ ৰয় আমাৰ ভৰিদুখন।
জেষ্ঠ নাইবা সন্মানীয়জনৰ চৰণযুগল স্পৰ্শ কৰি আশীৰ্বাদ লোৱাৰ এক বিনম্ৰ পৰম্পৰাও কেৱল আমাৰ দেশতেই আছে।ইয়াৰোপৰি প্ৰয়াত মুখ্যমন্ত্ৰী তৰুণ গগৈৰ সম্পূৰ্ণ হৈ উঠা পদচিহ্ণ যুগল ভৱিষ্যতে শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ সংগ্ৰহালয়ত সংগ্ৰহীত কৰিবলৈও বিভাগীয় কৰ্তৃপক্ষৰ লগতে বৰ্তমানৰ চৰকাৰৰ প্ৰতি আহ্বান জনাইছে শিল্পী দিগন্ত মাধৱে।
Comments