Classifieds
View All
প্ৰণৱজ্যোতি দত্ত,২৮নবেম্বৰ:মণিপুৰত কৰ’নাৰ সংক্ৰমণ ৰোধৰ বাবে ৩১ ডিচেম্বৰ পৰ্যন্ত নৈশ কাৰ্ফিউ ঘোষণা কৰিছে।মুখ্য সচিৱে জাৰি কৰা নিৰ্দেশনাত উল্লেখ কৰা অনুসৰি পৰৱৰ্তী নিৰ্দেশনা জাৰি নকৰা পৰ্যন্ত ৩১ ডিচেম্বৰলৈ এই নৈশ কাৰ্ফিউ বাহাল থাকিব।
বিভিন্ন ধৰণৰ অনুষ্ঠান-প্ৰতিষ্ঠান কেবল মাত্ৰ পৰিয়ালৰ লোকৰ মাজতহে অনুষ্ঠিত কৰিব পাৰিব।সন্ধিয়া ৬ বজাৰ পৰা ৰাতিপুৱা ৪ বজালৈ মণিপুৰত কাৰ্ফিউ বাহাল থাকিব।নৈশ কাৰ্ফিউৰ সময়ত অত্যাৱশ্যকীয় সেৱা আৰু খাদ্য সামগ্ৰী পৰিবাহী ট্ৰাকৰ চলাচল অব্যাহত থাকিব।
হস্পিটেল, নাৰ্চিং হোম, ক্লিনিক আৰু ফাৰ্মাচীসমূহ নৈশ কাৰ্ফিউৰ সময়তো খোলা ৰাখিব পাৰিব।
Comments