লালুক,২৮ নবেম্বৰঃ লালুুকত আজি অসম গণ পৰিষদৰ উদ্যোগত আয়োজন কৰা জনজাগৰণ সভাৰ প্ৰাকমুহূৰ্তত লালুক আঞ্চলিক ছাত্র সন্থাই আজি লালুক বাছ আস্থানত কা বাতিল ৰ দাবীত, মূল্যবৃদ্ধি ৰোধত ব্যৰ্থ হোৱা, বানবিধস্ত কৃষি ভূমি ক্ষতিপূৰণৰ দাবী, জলসম্পদ বিভাগৰ ভংগ্ন মথাউৰি পুনৰ নিৰ্মাণৰ দাবীত অসমৰ মিত্রজোট চৰকাৰৰ অসম গণ পৰিষদ দলৰ তিনি মন্ত্রী কৃষি মন্ত্ৰী, যোগান মন্ত্ৰী আৰু জলসম্পদ মন্ত্ৰীৰ প্ৰতিমূৰ্তি দাহ কৰে৷
উক্ত প্ৰতিবাদী কাৰ্যসূচীত লালুক আঞ্চলিক ছাত্র সন্থাৰ উপদেষ্টা বলীন গগৈ, সভাপতি দিব্যজ্যোতি গগৈ, সম্পাদক জিন গোস্বামী আৰু মটক যুৱছাত্ৰ সন্মিলনৰ লখিমপুৰ জিলা সভাপতি দুলাল কোঁৱৰ, অসম জাতীয়তাবাদী যুৱ পৰিষদৰ লালুক আঞ্চলিক সমিতিৰ সম্পাদক তুষাৰ প্ৰতিম শইকীয়াৰ লগতে লালুক আঞ্চলিক ছাত্র সন্থাৰ বিষয়ববীয়া সকল উপস্থিত থাকে। প্ৰতিবাদী কাৰ্যসূচীৰ জড়িয়তে লালুক আঞ্চলিক ছাত্র সন্থাৰ সভাপতি দিব্যজ্যোতি গগৈয়ে জনায় যে লখিমপুৰ জিলাৰ বিভিন্ন প্ৰান্তৰ বানপীড়িত ৰাইজে মাথাউৰিত বাস কৰি থকা সময়চোৱাঁতো জল সম্পদ মন্ত্ৰী গৰাকীৰ খবৰ ল’বলৈ সময় নাই। মূল্যবৃদ্ধিৰে বজাৰত জুই লগা সময়ত মূল্যবৃদ্ধি ৰোধত ব্যৰ্থ হোৱা যোগান মন্ত্ৰী, আৰু বানত ক্ষতিগ্রস্ত হোৱা খেতি পথাৰৰ কথা শুনিবলৈ সময় নোহোৱা কৃষি মন্ত্ৰী গৰাকী আৰু নিৰ্বাচন আহিলে ৰাইজৰ মাজত প্ৰতিশ্ৰুতিৰ জোঁৱাৰ তুলিবলৈ অহা সকলোকে গৰিহণা দিয়ে আৰু লগতে কা সম্পর্কত দুমুখীয়া স্থিতি লোৱাত অগপ দলৰ নেতৃত্বক গৰিহণা দিয়ে।
Comments