গুৱাহাটী, ২৮ নবেম্বৰ : আজি ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে ৰাজ্যৰ ছাত্ৰাৱাস আৰু ছাত্ৰীনিৱাস সহিতে সকলো উচ্চশিক্ষা প্ৰতিষ্ঠান খোলাৰ দাবীত গুৱাহাটী মহানগৰীত এখন সংবাদ মেল অনুষ্ঠিত কৰে ৷ সংগঠনৰ সদস্যবৃন্দই কয় – “২০২০ সাম্প্ৰতিক সময়ত কৰ’না মহামাৰীৰ সংক্ৰমণৰ পৰিস্থিতিলৈ লক্ষ্য কবি এইটো স্বীকাৰ কৰিবই লাগিব যে বৰ্তমান সময়তো ক’ভিড সংক্ৰমণৰ পৰিৱেশ এতিয়াও নোহোৱা হৈ যোৱা নাই। ক’ভিডৰ সময়ত দিয়া হোৱা লকডাউনে অসমৰ শৈক্ষিক পৰিবেশ সম্পূর্ণৰূপে বিধ্বস্ত কবি পেলাইছে। ইউজিচিয়ে শিক্ষানুষ্ঠানসমূহ খোলাৰ নির্দেশ জাৰি কৰিছে যদিও কৌশলগতভাবে অসম চৰকাৰৰ শিক্ষা বিভাগে ৰাজ্যৰ সকলোবোৰ শিক্ষানুষ্ঠান আক আবাস বন্ধ কবি ৰখা কার্যই ছাত্ৰ-ছাত্ৰীসকলক দিশহাৰা কৰিছে। শিক্ষামন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডঅঙৰীয়াই কোনো ধৰণৰ ক’ভিড প্রটকল নমনাকৈ বিশাল বিশাল ৰাজনৈতিক সভা কৰাত ব্যস্ত হৈ থকাৰ বিপৰীতে শিক্ষানুষ্ঠানসমূহ বন্ধ ৰাখি ৰাজ্যৰ লাখ লাখ শিক্ষাৰ্থীসকলক এক অনিশ্চিত অন্ধকাৰ ভৱিষ্যতৰ দিশে ঠেলি দিছে ৷ ক'ভিড প্ৰট’কল মানি চলি কিছু সংখ্যক শিক্ষানুষ্ঠানৰ পাঠদান আৰম্ভ হৈছে আৰু অধিকাংশ শিক্ষানুষ্ঠানৰ পাঠদান অনলাইন মাধ্যমেৰে চলি আছে যদিও ৰাজ্যৰ সকলো শিক্ষার্থীয়ে সেই সুবিধা লাভ কৰিবলৈ সক্ষম হোৱা নাই ৷”
আগন্তুক হাইস্কুল শিক্ষান্ত আৰু উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষা সম্পৰ্কে মন্তব্য কৰি ছাত্ৰ সংগঠনটোৱে কয় যে – “অসম চৰকাৰে হাইস্কুল শিক্ষান্ত আৰু উচ্চতৰ মাধ্যমিক দ্বিতীয় বর্ষৰ শিক্ষার্থীসকলৰ পাঠ্যক্ৰম হ্রাস কৰাৰ জাননীও বর্তমানত ধোৱা চাঙতহে পৰিণত হোৱা দেখা গৈছে। কিয়নো অধিকাংশ অধ্যায় কিছু মাজৰ অনুশীলনী অথবা দুই এটা অধ্যায় বাদ দিয়া হৈছে যদিও পিছৰ অনুশীলনী আৰু অধ্যায় সমুহ অধ্যয়ন কৰিবলৈ গোটেই কিতাপখনেই শিক্ষাৰ্থীসকলে পঢ়িব লগা হৈছে। ইতিমধ্যে হাইস্কুল শিক্ষা আৰু উচ্চতৰ মাধ্যমিক বিতীয় বৰ্ষৰ পৰীক্ষাৰ ক্ষেত্ৰত চিবিএছচিয়ে কোনোধৰণৰ জাননী এই পৰ্যন্ত জাৰি কৰা নাই যদিও অসম চৰকাৰৰ শিক্ষা বিভাগে ফেব্রুৱাৰী মাহৰ শেষৰ ফালে পৰীক্ষাসমূহ অনুষ্ঠিত কৰাৰ ঘোষণাই ৰাজ্যৰ শিক্ষাৰ্থীসকলক নিৰাশ কৰি তুলিছে। যিহেতু অধিকাংশ পাঠ্যক্ৰম পাঠদান এতিয়াও আৰম্ভ হ'বলৈ বাকী আছে।“
অসমৰ বিশ্ববিদ্যালয়ত প্ৰসংগত মন্তব্য কৰি ছাত্ৰ সংগঠনটোৱে কয় যে বিশ্ববিদ্যালয়সমূহ খুলি নিদিয়া বিষয়টোয়ে ছাত্র-ছাত্রীসকলক গভীৰ অস্বতিত পেলাইছে। বিশ্ববিদ্যালয় আৰু আৱাসসমূহ নোখোলাৰ ফলত গবেষণা তথা এমফিলৰ শিক্ষার্থী সকলৰ লগতে স্নাতকোত্তৰ পাঠ্যক্ৰমৰ শিক্ষার্থী সকলৰ এটা শিক্ষাবৰ্ষ নষ্ট হোৱাৰ দিশে অগ্রসৰ হৈছে। সময়মতে পৰীক্ষাসমূহ অনুষ্ঠিত নোহোৱাত অন্যান্য আনুষংগিক শিক্ষানুষ্ঠানত নামভৰ্তি আৰু বিভিন্ন চাকৰি আবেদনৰ ক্ষেত্ৰত শিক্ষাৰ্থীসকল দিশহাৰা হোৱা দেখা গৈছে। ইয়াৰ উপৰিও ৰাজ্যৰ শিক্ষার্থীসমূহৰ নামভর্তিৰ মাচুল শিক্ষা বিভাগে সম্পূর্ণৰূর্পে বিনামূলীয়া কৰাৰ পিছতো বিভিন্ন চৰকাৰী শিক্ষানুষ্ঠানে ছাত্ৰ-ছাত্ৰীসকলৰ পৰা চেণ্টাৰ মাচুল, পৰীক্ষাৰ মাচুল আদি বিভিন্ন শিতানত মাচুল আৰোপ কবি এক অৰাজকতাৰ সৃষ্টি কৰিছে। তদুপৰি তেজপুৰ বিশ্ববিদ্যালয়ৰ স্নাতক আৰু স্নাতকোত্তৰ পাঠ্যক্ৰমৰ নামভৰ্তিৰ পাঠ্যক্ৰমৰ প্রবেশ পৰীক্ষাৰ মাচুল সংগ্রহ কৰি পৰৱর্তী সময়ত কোনো ধৰণৰ প্ৰবেশ পৰীক্ষা অনুষ্ঠিত নকৰাকৈয়ে পৰবৰ্তী সময়ত ছাত্ৰ-ছাত্রীসকলব নামভৰ্তি কৰা আৰু গুৱাহাটী বিশ্ববিদ্যালয়ৰ নামভৰ্তিৰ বাবে কোনো প্রৱেশ পৰীক্ষা অনুষ্ঠিত নকৰা কার্যই ৰাজ্যৰ শিক্ষার্থী সমাজক নিৰাশ কৰি তুলিছে বুলি ছাত্ৰ সংঠনটোৱে মন্তব্য কৰে ৷
ছাত্ৰ মুক্তি সংগ্রাম সমিতিৰ যুটীয়া সাধাৰণ সম্পাদক দেবব্রত শইকীয়াই দাবী উত্থাপন কৰে যে অতিশীঘ্ৰে ৰাজ্যৰ শিক্ষাৰ্থীসকলৰ শিক্ষাবৰ্ষ বিনষ্ট নোহোৱাকৈয়ে পদক্ষেপ গ্ৰহণ কৰাৰ লগতে শিক্ষানুষ্ঠানসমূহ খোলা নোখোলা বিষয় সন্দৰ্ভত শিক্ষা বিভাগে নিজৰ স্থিতি স্পষ্ট কৰিব লাগে। প্ৰত্যেক মহাবিদ্যালয় আৰু বিশ্ববিদ্যালয়ত এটাকে ক’ভিড পৰীক্ষাকেন্দ্র স্থাপন কৰি অতিশীঘ্ৰে ৰাজ্যৰ সকলো শিক্ষানুষ্ঠান ক’ভিড সম্পর্কীয় সকলো স্বাস্থ্যবিধি মানি মুকলি কৰিব লাগে আৰু আবাসসমূহ চেনিটাইজ কবি শিক্ষাৰ্থীসকল থকাৰ ব্যৱস্থা কৰিব লাগে। ইয়াৰোপৰি তেজপুৰ বিশ্ববিদ্যালয়ে প্রবেশ পৰীক্ষাৰ নামত লোৱা সমুদায় মাচুল শিক্ষাৰ্থীসকলক অতিশীঘ্ৰে আদায় দিয়াৰ লগতে ৰাজ্যৰ অন্যান্য শিক্ষানুষ্ঠানসমূহ নামভৰ্তিৰ নামত লোৱা অন্যান্য মাচুলসমূহ ঘূৰাই দিয়াৰ বাবে দাবী উত্থাপন কৰে। লগতে ছাত্র মুক্তি সংগ্রাম সমিতিয়ে দাবী জনাই যে মহাবিদ্যালয় আৰু বিশ্ববিদ্যালয়ত থকা সমূহ চেল্ফ ফাইনেঞ্চ পাঠ্যক্ৰমসমূহৰ ছাত্ৰ ছাত্ৰীসকলৰ নামভৰ্তি মাচুল আৰু বি.এড পাঠ্যক্ৰমৰ মাচুল ৰেহাই দিবলৈ, উক্ত শিক্ষানুষ্ঠানসমূহক বিশেষ আৰ্থিক পেকেজ দিয়াৰ ব্যৱস্থা কৰিব লাগে। তদুপৰি কেন্দ্রীয় আৰু ৰাজ্যিক পৰ্যায়ৰ চাকৰিৰ বাবে দিবলগীয়া আবেদন মাচুল বিনামূলীয়া কৰিবলৈ ছাত্ৰ সংগঠনটোৱে দাবী উত্থাপন কৰে।
Comments