লখিমপুৰৰ ষ্টাফ ৰিপ’র্টাৰ আৰু লালুকৰ নিজা বাতৰি দিওঁতা, ২৮ নৱেম্বৰ ঃ সংখ্যালঘু ভোটাৰে নির্ণায়ক ভূমিকা লোৱা উজনি অসমৰ একমাত্র সমষ্টি লখিমপুৰ জিলাৰ নাওবৈচা বিধানসভা সমষ্টিত আজি অসম গণ পৰিষদ দলে বিশাল জনজাগৰণ সভাৰে বজালে বিধানসভা নির্বাচনৰ ৰণডংকা৷ কেইবা সহস্রাধিক লোকৰ সমাৱেশত আজি অগপৰ কেন্দ্রীয় সমিতিৰ সভাপতি অতুল বৰা, কার্যকৰী সভাপতি কেশৱ মহন্তই বিশাল জনসভাখনত উদাত্ত ভাষণ আগবঢ়ায়৷
উল্লেখযোগ্য যে প্রায় ৮০ হাজাৰৰো অধিক সংখ্যালঘু মুছলমান ভোটাৰ থকা সমষ্টিটোত বংগীয়মূলৰ লোকসকলক অনাগত সময়ত নিৰাপত্তা দিয়াৰ প্রতিশ্রুতিৰে কংগ্রেছ আৰু এ আই ইউ ডি এফক তীব্র সমালোচনা কৰে অগপৰ কেন্দ্রীয় সমিতিৰ সভাপতি অতুল বৰাই৷ হিন্দী চিনেমাৰ ‘য’ দৰ গয়া ঔ মৰ গয়া’ সংলাপেৰে ভাষণ আৰম্ভ কৰি অগপৰ সভাপতিগৰাকীয়ে কয়– আমি কোনো কাৰণতে ভয় খোৱা মানুহ নহয়৷ আমাক যিমানেই সমালোচনা নকৰক কিয়, আমি জিকিমেই আৰু ৰাইজৰ হকে কাম কৰি যাম৷
সম্প্রতি আমাৰ দলটো এক প্রগতিশীল ধ্যান-ধাৰণাৰে আগবাঢ়িছে, আমি নিজকে সমালোচনা কৰিছোঁ, ভুলৰ পুনৰাবৃত্তি নকৰাৰ প্রতিশ্রুতি ৰাইজক দিছোঁ৷ তেওঁ কয় অসম গণ পৰিষদ দল অসমত আঞ্চলিকতাবাদৰ স্তম্ভ৷ বিভিন্ন পক্ষই দলটোক নিঃশেষ কৰাৰ চেষ্টা কৰিছে৷ কিন্তু এটা কথা ঠিক যে আঞ্চলিকতাবাদ সুৰক্ষিত হ’লেহে অসম সুৰক্ষিত হ’ব৷ অসমত আঞ্চলিকতাবাদৰ যে বিকল্প নাই সেই কথা সম্প্রতি অসমৰ ৰাইজে অনুধাৱন কৰিছে আৰু আজি সদলবলে ৰাইজ জনজাগৰণ সভালৈ স্বতঃস্ফূর্তভাৱে ওলাই আহি তাৰেই প্রমাণ দিছে৷ অসমত কংগ্রেছ-এ আই ইউ ডি এফ দল হৈছে জৰাসন্ধ৷
এই জৰাসন্ধক অগপই কেনেদৰে নিঃশেষ কৰিব লাগে সেয়া জানে৷ এ আই ইউ ডি এফৰ সভাপতি বদৰুদ্দিন আজমলে অসমত ধর্মীয় উন্মাদনাৰ সৃষ্টি কৰি উন্নয়নমূলক কাম নকৰাকৈ কেৱল জৰা-ফুকা কৰি উন্নয়নৰ নামত আভুৱা-ভাঁৰিছে৷ অগপ দলে জাতি-জনগোষ্ঠীৰ জনজাতিকৰণ বিচাৰে বুলি মন্তব্য কৰি বিভিন্ন জাতি জনগোষ্ঠীৰ উন্নয়ন অগপৰ প্রধান লক্ষ্য বুলি কয়৷ অগপ-বিজেপিৰ মিত্রতাৰ প্রসংগত প্রতিক্রিয়াশীল চক্রই কৰা সমালোচনাৰ সন্দর্ভত অগপৰ সভাপতিগৰাকীয়ে কয় যে আমি যাৰ লগতে মিত্রতা নকৰোঁ কিয় আমি নিজৰ চৰিত্র অটুট ৰাখিহে কাম কৰোঁ৷
অগপ-বিজেপিৰ মিত্রতা অক্ষুণ্ণ আছে আৰু ভৱিষ্যতেও অক্ষুণ্ণ থাকিব যদিও এইক্ষেত্রত অগপই নিজৰ বৈশিষ্ট্য কেতিয়াও সলনি নকৰে৷ সভাপতিগৰাকীয়ে কয়– ‘দীর্ঘদিন নাওবৈচা বিধানসভা সমষ্টিটোত অগপৰ বিধায়ক নাই৷ অগপৰ প্রয়াত বিধায়ক জগত হাজৰিকা, মণিৰাম পাঠৰিয়ে সমষ্টিটো প্রতিনিধিত্ব কৰি যোৱাৰ পাছত সম্প্রতি সমষ্টিটো এ আই ইউ ডি এফৰ দখলত আছে আৰু এই সমষ্টিটো এইবাৰ অগপই যিকোনো প্রকাৰে দখল কৰিব৷’ কংগ্রেছ দলটোক ক্ষুৰধাৰ সমালোচনা কৰি সভাপতিগৰাকীয়ে আৰু কয়– ‘কংগ্রেছ দলে দীর্ঘদিন ভোট বেংক শক্তিশালী কৰিবৰ বাবেই প্রব্রজনৰ সুবিধা দিছিল৷
অসম আন্দোলনৰ সময়ছোৱাত ৮৫৫জনক কংগ্রেছ চৰকাৰে হত্যা কৰিলে৷’ কংগ্রেছৰ কু-শাসন, অপশাসনৰ বাবেই ৰাজ্যখন সম্প্রতি বিভিন্ন সমস্যাৰে ভাৰাক্রান্ত বুলি মন্তব্য কৰি সম্প্রতি জৰাসন্ধৰ ভাও লোৱা কংগ্রেছ-এ আই ইউ ডি এফক জৰাসন্ধক বধ কৰাৰ দৰে অগপই নিঃশেষ কৰিব বুলি মন্তব্য কৰি নাওবৈচা বিধানসভা সমষ্টিটোত অগপৰ কেন্দ্রীয় সম্পাদক জয়ন্ত খাউণ্ডক সমষ্টিটোৰ উন্নয়নৰ স্বার্থত আঁকোৱালি ল’বলৈ আহবান জনায়৷
ইফালে অগপৰ কার্যকৰী সভাপতি, মন্ত্রী কেশৱ মহন্তই ন-সাজেৰে, ন-উদ্যমেৰে দলটোক আগুৱাই নিয়াত জাতি-জনগোষ্ঠী, ভাষা-ভাষী, ধর্মাৱলম্বী লোকক একত্রিত কৰি ধর্ম নিৰপেক্ষ চৰিত্র বর্ই ৰাখি আগুৱাই যোৱাৰ সংকল্প গ্রহণ কৰে৷ অগপ সম্পূর্ণ ধর্মনিৰপেক্ষ দল বুলি বাৰম্বাৰ দোহাৰি কার্যকৰী সভাপতিগৰাকীয়ে দলটোৰ প্রতি ৰাইজক আস্থাভাজন হ’বলৈ আহবান জনায়৷ অগপৰ কেন্দ্রীয় সমিতিৰ সম্পাদক তথা নাওবৈচা বিধানসভা সমষ্টিৰ অগপৰ সম্ভাব্য প্রার্থী জয়ন্ত খাউণ্ডে আদৰণী ভাষণ আগবঢ়োৱা জনজাগৰণ সভাখনত অগপৰ সাধাৰণ সম্পাদক তথা লখিমপুৰৰ বিধায়ক উৎপল দত্ত,
অগপৰ উপ-সভাপতি কেশৰাম বৰা, অসম যুৱ পৰিষদৰ ৰাজ্যিক সভাপতি জিতু বৰগোহাঁই, কণ্ঠ শিল্পী মহেন্দ্র হাজৰিকা, অগপৰ সাংস্কৃতিক পৰিষদৰ সভানেত্রী তথা গায়িকা কল্পনা পাটোৱাৰী, প্রণামিকা গোস্বামী, অসম ছাত্র পৰিষদৰ সভাপতি ত্রিনয়ন বৰুৱা, তপন দাস, অগপৰ মুখপাত্র তোলাৰাম গগৈ, কিশোৰ দেউৰী আদি বিশিষ্ট লোকসকলে অংশগ্রহণ কৰে৷ প্রণিধানযোগ্য যে আজি অগপৰ কেন্দ্রীয় নেতৃবৃন্দক লখিমপুৰৰ ৰঙানদীৰ পৰা বিশাল বাইক ৰেলীৰে লালুকৰ সভাস্থলীলৈ আদৰি নিয়া হয়৷ আনহাতে, আজি লখিমপুৰ বিধানসভা সমষ্টিতো কেন্দ্রীয় নেতৃবৃন্দক বিপুল আদৰণি জনোৱাৰ লগতে সন্ধিয়া অগপৰ লখিমপুৰ জিলা কার্যালয় গণ ভৱনত অনুষ্ঠিত এখন কর্মীসভাত কেন্দ্রীয় নেতৃবৃন্দই অংশগ্রহণ কৰে৷
Comments