মাজুলীৰ নিজা বাতৰি দিওঁতা আৰু নামনি মাজুলীৰ প্রতিবেদকদ্বয়, ২৮নৱেম্বৰ ঃ চাৰিদিনীয়া কার্যসূচীৰে মাজুলীলৈ অহা মুখ্যমন্ত্রী সর্বানন্দ সোণোৱালে আজি দ্বিতীয় দিনাৰ প্রথম কার্যসূচী পূব মাজুলীৰ অন্তর্গত মায়ামৰা সমাজৰ আজলী আই বা ভগা থানৰ বিধবস্ত আন্তঃগাঁথনি উন্নয়নৰ বাবে অসম চৰকাৰৰ সাংস্কৃতিক পৰিক্রমা বিভাগৰ পঁুজিৰে অসম ৰাজ্যিক গৃহ নির্মাণ পৰিষদৰ দ্বাৰা ৰূপায়ণ কৰিব লগা সাংস্কৃতিক গৱেষণা কেন্দ্র, অতিথি গৃহ আৰু পকীদেৱাল নির্মাণৰ বাবে মুঠ ৯২,৩৮০০০ টকা ব্যয় সাপেক্ষে নর্মাণ হ’ব লগা এক অভিলাষী আঁচনিৰ আধাৰশিলা স্থাপন কৰে৷
পুৱা ১১ বজাত আজলী আই থানত উপস্থিত হোৱা মুখ্যমন্ত্রীগৰাকীক মায়ামৰা সাংস্কৃতিক সমাজ আৰু আজলী আই থান উন্নয়ন সমিতিয়ে মৃদং প্রসংগ আৰু আইসকলৰ নামেৰে আদৰণি জনায় ৷ ইয়াৰ পিছতেই মুখ্যমন্ত্রীগৰাকীয়ে আজলী আই থানত সেৱা লৈ আশীর্বাদ গ্রহণ কৰি থানৰ চৌহদত অসম শক্তি বিতৰণ কোম্পানী লিমিটেডৰ দ্বাৰা নির্মাণ কৰা পাঁচ কিল’ৱাট ক্ষমতা সম্পন্ন সৌৰশক্তি চালিত বিদু্যৎ প্রকল্প উদ্বোধন, অসম দর্শন আঁচনিৰ অধীনত১০লাখ টকা ব্যয় সাপেক্ষ আন্তঃগাঁথনি উন্নয়নৰ আধাৰশিলা, অনির্ধাৰিত পঁুজিৰে ১০লাখ টকা ব্যয় সাপেক্ষে প্রেক্ষাগৃহৰ আধাৰশিলা, ১,৪০০০০ টকা ব্যয় সাপেক্ষে সাংস্কৃতিক কেন্দ্র গৃহৰ শুভ উদ্বোধন কৰে ৷
এই উপলক্ষে অনুষ্ঠিত হোৱা এখন ৰাজহুৱা সভাত ভাষণ প্রদান কৰি মুখ্যমন্ত্রীগৰাকীয়ে শংকৰ, মাধৱ আৰু অনিৰুদ্ধ দেৱৰ পদৰেণু ৰঞ্জিত সত্রনগৰী মাজুলীৰ প্রতিখন তীর্থস্থানকেই আকর্ষণীয় ৰূপত সজাই তোলা হ’ব বুলি গুৰুত্বপূর্ণ মন্তব্য প্রদান কৰে৷ মুখ্যমন্ত্রীজনে বিভিন্ন জাতি-জনগোষ্ঠীৰ মিলনভূমি এই বৰঅসম গঠনত মায়ামৰা সম্প্রদায়ৰ এক গুৰুত্বপূর্ণ ভূমিকা আছে বুলি কয় আৰু মায়ামৰা সমাজৰ কৃষ্টি-সংস্কৃতিৰ বিকাশ আৰু সংৰক্ষণৰ বাবে চৰকাৰে গুৰুত্বপূর্ণ পদক্ষেপ গ্রহণ কৰিব বুলি জনায়৷
ইয়াৰ পূর্বে সভাত উপস্থিত থকা লখিমপুৰ লোক সভা সমষ্টিৰ সাংসদ প্রদান বৰুৱাই ভাষণ প্রদান কৰি মাজুলীৰ বিধায়ক তথা মুখ্যমন্ত্রী সর্বানন্দ সোণোৱালে চৰকাৰ গঠনৰ পিছৰ পৰাই মায়ামৰা সমাজৰ বাবে গুৰুত্ব সহকাৰে কাম কৰি আছে আৰু আজলী থানৰ ঐতিহ্য আৰু গুৰুত্ব সর্বজন বিদিত বুলি মন্তব্য কৰে ৷
সভাতেই জিতুল দাসৰ ‘বৈষ্ণৱবাদৰ ছাঁ-পোহৰত মায়ামৰা সংস্কৃতি’ নামৰ এখন গ্রন্থও মুখ্যমন্ত্রীগৰাকীয়ে উন্মোচন কৰে ৷ জিতুল দাসে আঁতধৰা সভাখনত শংকৰ দেৱ কলাক্ষেত্রৰ সচিব সুদর্শন ঠাকুৰ, দেউৰী স্বায়ত্ত পৰিষদৰ মুখ্য কার্যবাহী মাধৱ দেউৰী, অসম ক্রিকেট সন্থাৰ সভাপতি ৰমেন দত্ত, উপায়ুক্ত বিক্রম কৈৰী, আৰক্ষী অধীক্ষক অর্পণা এন, বিজেপিৰ মাজুলী জিলাৰ সভাপতি লোকনাথ কুটুম, প্রাক্তন সভাপতি প্রমোদ বৰা উপস্থিত থাকে ৷
উক্ত সভাৰ পিছতেই মুখ্যমন্ত্রীগৰাকী দিনৰ ১-৩০ বজাত নামনি মাজুলীৰ কৰতিপাৰত উপস্থিত হৈ ৰাজহ আৰু দুযোর্গ ব্যৱস্থাপনা বিভাগে প্রায় ৯ কোটি টকা ব্যয় সাপেক্ষে নির্মাণ কৰিবলৈ লোৱা বহুমুখী বান আশ্রয় শিবিৰৰ আধাৰশিলা স্থাপন কৰে ৷ উখলচুক ৰাজহুৱা খেল পথাৰত আয়োজিত আধাৰশিলা স্থাপন অনুষ্ঠানত মুখ্যমন্ত্রীক সংগ দিয়ে ৰাজ্যৰ ৰাজহ আৰু দুযোর্গ পশমন বিভাগৰ মন্ত্রী যোগেন মহন, সাংসদ প্রদান বৰুৱাই৷
অনুষ্ঠানৰ শেষত সাংবাদিকসকলক সম্বোধন কৰি মুখ্যমন্ত্রীগৰাকীয়ে কয় যে তেওঁৰ চৰকাৰ গঠনৰ পিছত মাজুলীৰ বান আৰু গৰাখহনীয়া প্রতিৰোধৰ বাবে বহুতো অভিলাষী আঁচনি গ্রহণ কৰিছে আৰু আজিৰ এই আঁচনিয়ে বানপানীৰ সময়ত বানপীড়িত ৰাইজ আৰু জীৱ-জন্তুসমূহৰ সুৰক্ষাত বিশেষ ভূমিকা গ্রহণ কৰিব আন্তঃগাঁথনি উন্নয়নৰ বাবে অসম চৰকাৰৰ সাংস্কৃতিক পৰিক্রমা বিভাগৰ পঁুজিৰে অসম ৰাজ্যিক গৃহ নির্মাণ পৰিষদৰ দ্বাৰা ৰূপায়ণ কৰিব লগা সাংস্কৃতিক গৱেষণা কেন্দ্র, অতিথি গৃহ আৰু পকীদেৱাল নির্মাণৰ বাবে মুঠ ৯২,৩৮০০০ টকা ব্যয় সাপেক্ষে নর্মাণ হ’ব লগা এক অভিলাষী আঁচনিৰ আধাৰশিলা স্থাপন কৰে৷
পুৱা ১১ বজাত আজলী আই থানত উপস্থিত হোৱা মুখ্যমন্ত্রীগৰাকীক মায়ামৰা সাংস্কৃতিক সমাজ আৰু আজলী আই থান উন্নয়ন সমিতিয়ে মৃদং প্রসংগ আৰু আইসকলৰ নামেৰে আদৰণি জনায় ৷ ইয়াৰ পিছতেই মুখ্যমন্ত্রীগৰাকীয়ে আজলী আই থানত সেৱা লৈ আশীর্বাদ গ্রহণ কৰি থানৰ চৌহদত অসম শক্তি বিতৰণ কোম্পানী লিমিটেডৰ দ্বাৰা নির্মাণ কৰা পাঁচ কিল’ৱাট ক্ষমতা সম্পন্ন সৌৰশক্তি চালিত বিদু্যৎ প্রকল্প উদ্বোধন, অসম দর্শন আঁচনিৰ অধীনত১০লাখ টকা ব্যয় সাপেক্ষ আন্তঃগাঁথনি উন্নয়নৰ আধাৰশিলা, অনির্ধাৰিত পঁুজিৰে ১০লাখ টকা ব্যয় সাপেক্ষে প্রেক্ষাগৃহৰ আধাৰশিলা, ১,৪০০০০ টকা ব্যয় সাপেক্ষে সাংস্কৃতিক কেন্দ্র গৃহৰ শুভ উদ্বোধন কৰে ৷
এই উপলক্ষে অনুষ্ঠিত হোৱা এখন ৰাজহুৱা সভাত ভাষণ প্রদান কৰি মুখ্যমন্ত্রীগৰাকীয়ে শংকৰ, মাধৱ আৰু অনিৰুদ্ধ দেৱৰ পদৰেণু ৰঞ্জিত সত্রনগৰী মাজুলীৰ প্রতিখন তীর্থস্থানকেই আকর্ষণীয় ৰূপত সজাই তোলা হ’ব বুলি গুৰুত্বপূর্ণ মন্তব্য প্রদান কৰে৷ মুখ্যমন্ত্রীজনে বিভিন্ন জাতি-জনগোষ্ঠীৰ মিলনভূমি এই বৰঅসম গঠনত মায়ামৰা সম্প্রদায়ৰ এক গুৰুত্বপূর্ণ ভূমিকা আছে বুলি কয় আৰু মায়ামৰা সমাজৰ কৃষ্টি-সংস্কৃতিৰ বিকাশ আৰু সংৰক্ষণৰ বাবে চৰকাৰে গুৰুত্বপূর্ণ পদক্ষেপ গ্রহণ কৰিব বুলি জনায়৷
ইয়াৰ পূর্বে সভাত উপস্থিত থকা লখিমপুৰ লোক সভা সমষ্টিৰ সাংসদ প্রদান বৰুৱাই ভাষণ প্রদান কৰি মাজুলীৰ বিধায়ক তথা মুখ্যমন্ত্রী সর্বানন্দ সোণোৱালে চৰকাৰ গঠনৰ পিছৰ পৰাই মায়ামৰা সমাজৰ বাবে গুৰুত্ব সহকাৰে কাম কৰি আছে আৰু আজলী থানৰ ঐতিহ্য আৰু গুৰুত্ব সর্বজন বিদিত বুলি মন্তব্য কৰে ৷ সভাতেই জিতুল দাসৰ ‘বৈষ্ণৱবাদৰ ছাঁ-পোহৰত মায়ামৰা সংস্কৃতি’ নামৰ এখন গ্রন্থও মুখ্যমন্ত্রীগৰাকীয়ে উন্মোচন কৰে ৷
জিতুল দাসে আঁতধৰা সভাখনত শংকৰ দেৱ কলাক্ষেত্রৰ সচিব সুদর্শন ঠাকুৰ, দেউৰী স্বায়ত্ত পৰিষদৰ মুখ্য কার্যবাহী মাধৱ দেউৰী, অসম ক্রিকেট সন্থাৰ সভাপতি ৰমেন দত্ত, উপায়ুক্ত বিক্রম কৈৰী, আৰক্ষী অধীক্ষক অর্পণা এন, বিজেপিৰ মাজুলী জিলাৰ সভাপতি লোকনাথ কুটুম, প্রাক্তন সভাপতি প্রমোদ বৰা উপস্থিত থাকে ৷ উক্ত সভাৰ পিছতেই মুখ্যমন্ত্রীগৰাকী দিনৰ ১-৩০ বজাত নামনি মাজুলীৰ কৰতিপাৰত উপস্থিত হৈ ৰাজহ আৰু দুযোর্গ ব্যৱস্থাপনা বিভাগে প্রায় ৯ কোটি টকা ব্যয় সাপেক্ষে নির্মাণ কৰিবলৈ লোৱা বহুমুখী বান আশ্রয় শিবিৰৰ আধাৰশিলা স্থাপন কৰে ৷
উখলচুক ৰাজহুৱা খেল পথাৰত আয়োজিত আধাৰশিলা স্থাপন অনুষ্ঠানত মুখ্যমন্ত্রীক সংগ দিয়ে ৰাজ্যৰ ৰাজহ আৰু দুযোর্গ পশমন বিভাগৰ মন্ত্রী যোগেন মহন, সাংসদ প্রদান বৰুৱাই৷ অনুষ্ঠানৰ শেষত সাংবাদিকসকলক সম্বোধন কৰি মুখ্যমন্ত্রীগৰাকীয়ে কয় যে তেওঁৰ চৰকাৰ গঠনৰ পিছত মাজুলীৰ বান আৰু গৰাখহনীয়া প্রতিৰোধৰ বাবে বহুতো অভিলাষী আঁচনি গ্রহণ কৰিছে আৰু আজিৰ এই আঁচনিয়ে বানপানীৰ সময়ত বানপীড়িত ৰাইজ আৰু জীৱ-জন্তুসমূহৰ সুৰক্ষাত বিশেষ ভূমিকা গ্রহণ কৰিব৷
Comments