Classifieds
View All
গুৱাহাটী, ২৯ নবেম্বৰ: এআইএমআইএমৰ অধ্যক্ষ আছাদুদ্দিন ওৱেছিয়ে উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথক হায়দৰাবাদৰ নাম ভাগ্যনগৰ কৰাৰ বাবে পোষকতা কৰা কাৰ্যত সমালোছনা কৰি কয় – “যিসকলে হায়দৰাবাদৰ নাম সলি কৰিব বিছাৰিছে তেওঁলোকৰ নাম সম্পূর্ণ ৰূপে ধ্বংস হৈ যাব কিন্তু নাম সলনি নহয় ৷ হায়দৰাবাদৰ নাম সলনি কৰিব বিছৰা সকলৰ নাম আমি সলনি কৰি দিম ৷ এয়া হায়দৰাবাদ পৌৰ নিগমৰ নিৰ্বাচন যেন লগাই নাই এয়া যেন প্ৰধানমন্ত্ৰীৰ বাবে নৰেন্দ্ৰ মোদীৰ সলনি এই স্থানৰ বাবে হৈ থকা নির্বাচন যেন লাগিছে ৷ কেৱল ইয়াত আমেৰিকাৰ ৰাষ্ট্ৰপৰি ট্ৰাম্প আহিবলৈ বাকী আছে ৷” উল্লেখ্য যে যোগী আদিত্যনাথে এখন নি র্বাচনী সভাত উত্তৰ প্ৰদেশৰ বিভিন্ন অঞ্চলৰ নাম সলনি কৰাৰ কথা উল্লেখ কৰি হায়দৰাবাদ চহৰৰ নাম সলনি কৰাৰ কথা উল্লেখ কৰিছিল ৷
Comments