গুৱাহাটী, ২৮ নবেম্বৰ: সদৌ অসম ছাত্ৰ সন্থাৰ দুলীয়াজানত অনুষ্ঠিত হোৱা সপ্তদশ কেন্দ্ৰীয় অধিৱেশনত নিৰ্বাচিত হোৱা নতুন কেন্দ্ৰীয় সমিতিয়ে ৩০ নবেম্বৰ, পৰহিলৈ গুৱাহাটী বিশ্ববিদ্যালয়ত অৱস্থিত মুখ্য কাৰ্যালয়ত শপত গ্ৰহণ কৰিব বুলি জানিব পৰা গৈছে ৷
নিৰ্বাচিত হোৱা নতুন কেন্দ্ৰীয় সমিতিত সভাপতিৰ দায়িত্বৰ ক্ৰমাগত দ্বিতীয় বাৰলৈ আছে দীপাংক কুমাৰ নাথ ৷ সাধাৰণ সম্পাদক পদত আছে শংকৰজ্যোতি বৰুৱা ৷ উপ সভাপতি পদত আছে বিপুল ৰাভা, প্ৰকাশ চন্দ্ৰ দাস, মানিক গগৈ, নৱজ্যোতি ৰায় আৰু উদ্দীপজ্যোতি গগৈ ৷ সহঃ সাধাৰণ সম্পাদক পদত আছে জয়ন্ত কুমাৰ ভট্টাচাৰ্য, জুল খাউণ্ড, ধর্মেশ্বৰ দাস, প্ৰজ্ঞান ভূঞা আৰু উৎপল শৰ্মা ৷ ভৱজিৎ বেজবৰুৱা আছে শিক্ষা সম্পাদকৰ পদৰ দায়িত্বত ৷ বিত্ত সম্পাদক জিতুমনি ভূঞা, ক্ৰীড়া সম্পাদক পদত পূর্ণ ডেজা আৰু বেদান্ত শইকীয়া, সাংস্কৃতিক সম্পাদক পদত বিনয় ডুবে, সাহিত্য সম্পাদক পদত পৰিস্মিতা বৰা, মুখ্য সাংগঠনিক সম্পাদক পদত অভিৱৰ্তন গোস্বামী, কাৰ্যালয় সম্পাদক পদত সমুদ্ৰ পাটগিৰি আৰু তথ্য সম্পাদক পদত আছে মৃদুল হাজৰিকা ৷
Comments