গুৱাহাটী, ২৮ নবেম্বৰ: অসমৰ মুখ্যমন্ত্ৰী সর্বানন্দ সোণোৱাল যোৱাকালিৰে পৰা সত্ৰনগৰী নদীদ্বীপ মাজুলিত উপস্থিত থাকি বিভিন্ন উন্নয়নমূলক প্ৰকল্প আৰু আধাৰ-শিলা স্থাপন কৰে ৷ আজি শ্ৰীশ্ৰী অনিৰুদ্ধদেৱে স্থাপন কৰা মাজুলীৰ আজলী আই থানত উপস্থিত হৈ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে থানখনৰ বিভিন্ন উন্নয়নমূলক প্ৰকল্প- সাংস্কৃতিক গৱেষণা কেন্দ্ৰ, অতিথি গৃহ আৰু পকী দেৱাল নিৰ্মাণৰ আধাৰশিলা, প্ৰেক্ষাগৃহৰ আধাৰশিলা, 'অসম দৰ্শন' আঁচনিৰ অধীনত আজলী আই থানৰ আন্তঃগাঁথনি উন্নয়নৰ আধাৰ-শিলা, সাংস্কৃতিক কেন্দ্ৰ গৃহৰ শুভ উদ্বোধন আৰু APDCLৰদ্বাৰা নিৰ্মাণ কৰা ৫ কিলোৱাটৰ সৌৰশক্তিচালিত বিদ্যুৎ কেন্দ্ৰৰ শুভ উদ্বোধন কৰে। উক্ত অনুষ্ঠানত মুখ্যমন্ত্ৰীয়ে শ্ৰী দীপক দাসৰ গ্ৰন্থ 'কালানুক্ৰমত আজলি আই (বা-ভগা) থান সত্ৰ' আৰু শ্ৰী জিতুল দাসৰ গ্ৰন্থ 'বৈষ্ণৱবাদৰ ছাঁ পোহৰত মায়ামৰা সংস্কৃতি' উন্মোচন কৰে।
মাজুলীৰ বান আৰু খহনীয়া নিয়ন্ত্ৰণৰ দিশত বিশেষ ব্যৱস্থা গ্ৰহণেৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে জিলাখনৰ কৰতিপাৰত কৰতিপাৰ বহুমুখী বান আশ্ৰয় গৃহৰ নিৰ্মাণ কাৰ্যৰ শুভাৰম্ভ আৰু ভূমি পূজন, 'ৰাজ্যিক স্ব-অগ্ৰাধিকাৰ উন্নয়ন পুঁজি'ৰ অধীনত আঁহতগুৰি অঞ্চলৰ খহনীয়া প্ৰতিৰোধী আঁচনি, 'ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা পুঁজি'ৰে গড়মূৰ অঞ্চলৰ খহনীয়া প্ৰতিৰোধী আঁচনি আৰু 'ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা পুঁজি'ৰে কৰতিপাৰ খহনীয়া প্ৰতিৰোধী আঁচনিৰ কাম-কাজৰ শুভাৰম্ভ কৰে। একেটা অনুষ্ঠানতে মুখ্যমন্ত্ৰীয়ে ভৈয়াম জনজাতি আৰু অন্যান্য পিছপৰা শ্ৰেণীৰ কল্যাণ সঞ্চালকালয়ৰ 'ব্যক্তিগত হিতাধিকাৰীলৈ অনুদান আঁচনি (২০১৯-২০ বৰ্ষ)'ৰ ৫ গৰাকী হিতাধিকাৰীক আনুষ্ঠানিকভাৱে অনুমোদন পত্ৰ প্ৰদান কৰে।
যোৱাকালি ৪ দিনীয়া ভ্ৰমণসূচীৰে মাজুলীত উপস্থিত হৈছিল মুখ্যমন্ত্ৰী সর্বানন্দ সোণোৱাল ৷ যোৱাকালি এক অমুষ্ঠানত সৰ্বানন্দ সোণোৱালে মাজুলী সাংস্কৃতিক বিশ্ববিদ্যালয়ৰ ৱেবছাইট http://muoc.ac.in/ মুকলি কৰে।
Comments