গুৱাহাটী, ২৮ নবেম্বৰ: বৰ্তমান দেশত কৰ’নাৰ পুনৰ এক নতুন ৱেভ আৰম্ভ হৈছে ৷ ৰাজধানী দিল্লীত প্ৰতিদিনে ৫ হাজাৰৰো অধিক ব্যক্তিৰ দেহত কৰ’নাৰ সংক্ৰমণ ধৰা পৰি আহিছে ৷ মধ্যপ্ৰদেশ, ৰাজস্থান তদুপৰি উত্তৰ পূর্বাঞ্চলৰ মণিপুৰকে ধৰি বিভিন্ন ৰাজ্যৰ বিভিন্ন অঞ্চলত কৰ’নাৰ সংক্ৰমণ বাধা দিবলৈ ৰাতি ৰাতি পুনৰ সান্ধ্য আইন জাৰি কৰা হৈছে ৷ তেনে এক পৰিপ্ৰেক্ষিতত শাসনত থকা বিভিন্ন নেতা, মন্ত্ৰী, বিধায়ক, শাসক, বিৰোধী আদি সকলোৱে ৰাজনীতি কৰাৰ নামত কৰ’নাৰ নতি নিয়ম ধ্বংস কৰাৰ যেন এখন অঘোষিত প্ৰতিযোগিতাত হে অৱতীৰ্ণ হৈ সেয়া পৰিলক্ষিত হ’বলৈ ধৰিছে ৷ আৰম্ভণি হৈছিল বিহাৰ বিধানসভা নিৰ্বাচনৰ পৰা ৷ কি শাসক, কি বিৰোধী সকলোৰে নিৰ্বাচনী সভাত অনুসৰণ কৰা হোৱা নাছিল ক’ভিড ১৯ৰ পৰা বাচি থাকিবলৈ দিয়া হোৱা নীতি নিয়ম ৷
শেহতীয়াকৈ অসমত বিশেষকৈ বড়োলেণ্ড টেৰিট’ৰিয়েল কাউঞ্চিলৰ নিৰ্বাচনী প্ৰচাৰৰ নামত ক’ভিড ১৯ প্ৰট’কল অনুসৰণ নকৰা পৰিলক্ষিত হৈছে ৷ আনহে নালাগে ৰাজ্যৰ স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই নিৰ্বাচনী প্ৰচাৰৰ ফটো সামাজিক মাধ্যমত পোষ্ট কৰাৰ পিছত তাত বিভিন্নজনে ক’ভিড ১৯ৰ প্ৰট’কল কিয় মনা হোৱা নাই এই সম্পৰ্কে প্ৰশ্ন কৰে ৷ একেই অৱস্থা দেখিবলৈ পোৱা গৈছে বিৰোধীৰ নিৰ্বাচনী প্ৰচাৰতো ৷ নেতা, জনতা কোনোৱেই নামানে ক’ভিড ১৯ৰ পৰা সুৰক্ষিত হৈ থকাৰ নীতি নিয়ম ৷ তদুপৰি ৰাজ্যৰ বিভিন্ন দল সংগঠনে অনুষ্ঠিত কৰা বিভিন্ন মেল, মিটিং. অধিৱেশন আদি সকলোতে ক’ভিড ১৯ৰ প্ৰট’কল মানি চলা পৰিলক্ষিত হোৱা নাই ৷
শেহতীয়াকৈ ক’ভিড ১৯ৰ বিশ্বজুৰি তৃতীয় ৱেভ আৰম্ভ হৈছে , যাৰ প্ৰভাৱ দেখা গৈছে ভাৰততো ৷ ভেকচিনৰ কাম কাজ তীব্ৰ গতিত চলি আছে যদিও সম্পূর্ণ ভেকচিন আহিবলৈ মাজত আৰু কেইটামান মাহ বাকী আছে ৷ এনে পৰিস্থিতিত দেশ, ৰাজ্যত কৰ’নাই ভয়ংকৰ পৰিস্থিতিৰ সৃষ্টি কৰিব পাৰে বুলি আশংকা প্ৰকাশ কৰিছে বিভিন্নজন সমাজ সচেতন ব্যক্তিয়ে ৷
Comments