Classifieds
View All
গুৱাহাটী, ২৯ নবেম্বৰ: মহাকাশত ভাৰত আৰু ৰাছিয়াৰ কৃত্ৰিম উপগ্ৰহৰ মাজত হোৱা সংঘৰ্ষৰ পৰা কোনোমতে ৰক্ষা পাব পাৰিছে ৷ জানিব পৰা অনুসৰি ইছৰ’ত এটা কৃত্ৰিম উপগ্ৰহ ৰাছিয়াৰ পৃথিৱীক পৰিভ্ৰমণ কৰা কানপ’ছ ভিৰ দুয়োটাই বিপদজনক ভাৱে কাষলৈ আহি এক সংঘৰ্ষ হ’ব পৰা পৰিস্থিতিৰ সৃষ্টি হৈছিল ৷ ৰাছিয়াৰ মহাকাশ সংস্থা ৰ’ছকোছমোছ কোৱা অনুসৰি ভাৰতৰ কৃত্ৰিম উপগ্ৰহটো ৰাছিয়াৰ উপগ্ৰহৰ প্ৰায় ২২৪ মিটাৰ ওচৰলৈ আহিছিল ৷ আনহাতে ইছৰ’য়ে দিয়া তথ্য অনুসৰি দু্যোটা উপগ্ৰহৰ মাজৰ দূৰত্ব আছিল ৪২০মিটাৰ ৷ ইছৰ’ৰ অধ্যক্ষ কে চিভানে কোৱা অনুসৰি মহাকাশত এনে ঘটনা বিৰল নহয় কাৰণ মহাকাশত হাজাৰৰো অধিক কৃত্ৰিম উপগ্ৰহ আছে ৷ শেহতীয়াকৈ স্পেইনৰ কৃত্ৰিম উপগ্ৰহৰ সৈতে হোৱা এক ঘটনাও উল্লেখ কৰে কি চিভানে ৷
Comments