Classifieds
View All
গুৱাহাটী, ২৯ নবেম্বৰ: আফগানিস্তানৰ আত্মঘাতী বোমা বিস্ফোৰণৰ ফলত ২৬জনৰো অধিক সুৰক্ষা বাহিনীৰ ব্যক্তিৰ মৃত্যু হৈছে ৷ উক্ত ঘটনা আফগানিস্তানৰ পূব প্ৰান্তত গাজনি চহৰত সংঘটিত হৈছে ৷ উল্লেখ্য যে উক্ত অঞ্চলত বহুদিনৰে পৰা সন্ত্ৰাসবাদী সংগঠন তালিবান আৰু চৰকাৰী সংস্থা সমূহৰ মাজত মুখামুখি যুদ্ধ সংঘটিত হৈ আহিছে ৷ লাভ কৰা তথ্য অনুসৰি বৰ্তমান সময়লৈ ২৬টা মৃতদেহ উদ্ধাৰ হৈছে আৰু ১৭জন ব্যক্তি গুৰুতৰ ভাৱে আঘাতপ্ৰাপ্ত অৱস্থাত উদ্ধাৰ কৰা হৈছে ৷ নিহত আৰু আহত হোৱা সকলো সুৰক্ষা বাহিনীৰ জোৱান ৷
Comments